...

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত পুনৰ চলিল চৰকাৰী বুলডজাৰ

Spread the love

পুনৰ উচ্ছেদ অভিযান

ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উৰিয়ামঘাটত আজি পুনৰ উচ্ছেদ অভিযান।

চাইন অন ডেস্কঃ
ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উৰিয়ামঘাটত আজিৰে পৰা পুনৰ উচ্ছেদ অভিযান।
প্ৰথম পৰ্যায়ৰ ১১ হাজাৰ বিঘা বনভূমি আৰু চাৰি হাজাৰ বাসগৃহ উচ্ছেদৰ পিছতে আজিৰে পৰা বন বিভাগে হাতত লৈছে দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযান।

শান্তি পূৰ্ণ উচ্ছেদৰ মাজতেই অসম নাগালেণ্ড সীমান্তত পূনৰ নগাৰ উৎপাত পৰিলক্ষিত হৈছে। উচ্ছেদৰ সমান্তৰাল ভাবে কৃষ্ণপুৰত নগাই আহি উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰা পৰিলক্ষতি হয় । অসম প্ৰশাসনক জেচিবি আতৰাই পথাবলৈ বাধ্য কৰাই। ফলত উতেজনাৰ সৃষ্টি হয় ।

হাতে হাতে দা লৈ উলাই আহে নাগা মহিলা। অসম নাগালেণ্ড সীমান্তৰ কৃষ্ণপুৰৰ ওচৰতে থকা লিফিয়ান বস্তিৰ পৰা আহিছে নগা লোকসকল । তেওঁলোকে উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰি নিজৰ মাটি বুলি দাবী কৰে লগতে ইয়াৰ পিছত ভয়কৰ পৰিৱেশৰ সৃষ্টি হব বুলি হাতত দা লৈ একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ।

উক্ত স্থানত নাগা প্ৰশাসন লগতে সৰুপথাৰৰ সম জিলা আয়ুক্ত , সীমান্ত দণ্ডাধীশ গোলাঘাটৰ আৰক্ষী অধিক্ষক উপস্থিত হয় আলোচলাত মিলিত হয় । সাময়িক ভাৱে উক্ত ঠাইত উচ্ছেদ বন্ধ ৰাখে । জেচিবি উভতাই আনিবলৈ বাধ্য হয়। পিছৰ পৰ্যায়ত গোলাঘাট জিলা আয়ুক্তৰ লগত আলোচনা কৰি উচ্ছেদ প্ৰক্ৰিয়া চলোৱা হব ।

Leave a Reply

Your email address will not be published. Required fields are marked *