...

বিজনীত ইউ পি পি এল প্ৰাৰ্থী কমল সিং নাৰ্জাৰী

Spread the love

বিজনীত ইউ পি পি এল প্ৰাৰ্থী কমল সিং নাৰ্জাৰী

উষ্ম আদৰণি, জয়ৰ সংকল্প

চাইন অন ডেস্ক:

চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টিত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ দিনক দিনে উত্তপ্ত হৈ উঠিছে। ইউ পি পি এল দলে প্ৰথম পৰ্যায়ত ৭ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতেই সমষ্টিটোত দলীয় কৰ্মী-সমৰ্থকসকলৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱা দেখা গৈছে।
২০ নম্বৰ বিজনী বিধান সভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে কমল সিং নাৰ্জাৰীক ঘোষণা কৰাৰ পাছতেই আজি দলীয় কৰ্মীসকলে তেওঁক উষ্ম আদৰণি জনায়। ফুলাম গামোচা আৰু আৰণাইৰে সম্বৰ্ধনা জনাই প্ৰাৰ্থীগৰাকীক আন্তৰিকভাৱে স্বাগতম জনোৱা হয়।
এই উপলক্ষে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কমল সিং নাৰ্জাৰীয়ে কয় যে, এইবাৰ ইউ পি পি এল দলে বিজনীত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বিপুল ভোটত জয় লাভ কৰিব বুলি তেওঁ সম্পূৰ্ণ আশাবাদী। তেওঁ লগতে উল্লেখ কৰে যে জনসাধাৰণৰ সমৰ্থন তেওঁলোকৰ পক্ষত আছে আৰু যিকোনো প্ৰতিদ্বন্দ্বীক পৰাজিত কৰিবলৈ তেওঁলোক সক্ষম হ’ব।
ইফালে দলীয় কৰ্মীসকলেও এইবাৰ নিৰ্বাচনত ইউ পি পি এলক বিজয়ী কৰাৰ লক্ষ্য লৈ একত্ৰিতভাৱে কাম আৰম্ভ কৰিছে আৰু সমষ্টিটোত দলীয় ভিত্তি অধিক শক্তিশালী কৰাৰ দিশত জোৰ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *