কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব “বটদ্ৰৱা প্ৰকল্প”, কাম-কাজ পৰিদর্শন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ*
বটদ্ৰৱাৰ পৰা ঋতু পৰ্ণ শৰ্মা,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপতে ২২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা “বটদ্ৰৱা প্ৰকল্প”ৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে সোমবাৰে পুৱাই বটদ্ৰৱাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পুৱাই “বটদ্ৰৱা প্ৰকল্প” পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই। বৃহৎ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। তাৰ পাছত বিয়লি গুৱাহাটীত কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
প্ৰকল্পটোৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। এমাহৰ ভিতৰত বাকী ১০ শতাংশ উদ্বোধনী সভা হৈ যোৱাৰ পাছত সম্পূৰ্ণ কৰা হ’ব। বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হিন্দুসকলৰ ওপৰত অত্যাচাৰ,জীৱন্তে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ-পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা বৰ্তমান শাসনত থকাসকলে উল্লেখ কৰি আছে। এই বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকে অসম ভৰি আছে। বাংলাদেশত যি হৈছে তাক আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছোঁ। বিষয়টোৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব আৰু আমি সচেতন হৈ থাকিব লাগিব। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফাঁকি দিয়ে বুলি গৌৰৱ গগৈয়ে কৰা কটাক্ষৰো তেওঁ প্ৰত্যুত্তৰ দি কয় যে গৌৰৱ গগৈ শংকাত আছে। যেতিয়া মানুহে কয় মোৰ শংকা নাই তেতিয়া তেওঁ বেছি শংকাত থাকে। শংকাত নাথাকিলে মনে মনে থাকিল হয়। অসমৰ মানুহে তেওঁক জানে।
হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত এটাও ফাঁকি দিয়া নাই। তাৰ উদাহৰণ বটদ্ৰৱা প্ৰকল্প। উল্লেখ্য যে বটদ্ৰৱা প্ৰকল্প পৰিদর্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ৰূপক শৰ্মা,ৰমাকান্ত দেউৰী,মন্ত্ৰী পীয়ূষ হাজৰিকা,জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংগ দিয়ে। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই “বটদ্ৰৱা প্ৰকল্প”ৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন,সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ,দেৱবাদ্য তালৰ সাজত কলা কেন্দ্ৰ,খোলৰ সাজত গৱেষণা কেন্দ্ৰ,নাঁৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ,জাপিৰ সাজত নাটঘৰ আদিৰ নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত। ওম কনষ্ট্ৰাকছন নামৰ এটা কোম্পানীৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ উপৰিও থলুৱা গছ-গছনি ৰোপণ কৰি প্ৰকৃতিকভাৱে সুন্দৰ কৰা প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত প্ৰায় ২০০ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগক লৈ বহুত আশাবাদী ৰাইজ ।