...

৩০ জানুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ ডিব্ৰুগড়ত

Spread the love

৩০ জানুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ ডিব্ৰুগড়ত

লক্ষাধিক লোকক সম্বোধন কৰিব শ্বাহে

অসমৰ দিত্বীয়টো এচেম্বলী চৌহদৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ ১৪ টা জলাশয় খননৰো শুভাৰম্ভ কৰিব

*চাইন অন ডেস্ক*

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ডিব্ৰুগড়ত সচিবালয় মুকলি কৰা পাছত পুনৰ অসম বিধানসভাৰ ভৱন নিৰ্মাণ হ’ব ডিব্ৰুগড়ত।তাৰেই পৰিপ্ৰেক্ষিতত অহা ৩০ জানুৱাৰীত ভাৰত চৰকাৰৰ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, ডিব্ৰুগড়লৈ আহি ৰাজ্যৰ দিত্বীয়টো বিধান সভা ভৱনৰ আধাৰশিলা কৰিব।কালি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হব লগা বিশাল জনসভাৰ আয়োজনৰ বিষয়ে বুজ লৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই ডিব্ৰুগড়ত সাংবাদিকৰ আগত এই মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে পুনৰাই কয় যে প্ৰায় এক লাখ লোকৰ সমাগমৰে হব লগীয়া জনসভাত ৰাইজক সম্বোধন কৰি অমিত শ্বাহে অসমৰ দিত্বীয়টো এচেম্বলী চৌহদৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ যি সপোন ৰচিছিল, সেয়াও এতিয়া বাস্তবায়িত হোৱাৰ পথত। ইয়াৰ পৰৱৰ্তীকালত নিশ্চিতভাৱেই মন্ত্ৰীৰ আৱাস, বিধায়কৰ আৱাস আৰু অন্যান্য গৃহ নিৰ্মাণৰ বাট মুকলি হব বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে।
ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’বলৈ মন্ত্রী পীযুষ হাজৰিকা সহ মন্ত্রী প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়,তিনিচুকীয়াৰ একাংশ বিধায়ক উপস্থিত হৈ সমগ্ৰ অগ্ৰগতিৰ বুজ লয়।

Amit Shah | PTI

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কয় যে, আজিৰ পৰা প্ৰায় দুবছৰৰ পূৰ্বেই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ ডাঙৰ ডাঙৰ পুখুৰী বা ৰিজাৰ্ভাৰ বনাব লাগিব।এসময়ৰ বহুতেই হাঁহিছিল, কিন্ত পৰৱৰ্তীকালত বিভাগীয়ভাবে চিন্তা-চৰ্চা কৰি জানিব পাৰিলো যে বাৰিষাৰ সময়ত সেই পুখুৰীত বা ৰিজাৰ্ভত পানী জমা কৰি,খৰালিৰ সময়ত কৃষি কৰ্মত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হব।আৰু ইতিমধ্যেই কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে অসমলৈ প্ৰায় ৭০০ কোটি টকাৰ অনুদান দিয়াৰ কথাও উল্লেখ কৰে।গৃহ মন্ত্রী গৰাকীয়ে ৰাজ্যৰ ১৪ টা কৈ খান্দিবলৈ লোৱা জলাশয় খননৰো শুভাৰম্ভ কৰিব।লগতে ডিব্ৰুগড়ৰ খনিকৰৰ আন্তঃৰাষ্ট্ৰীয় বহুমূখী ক্ৰীড়া প্ৰকল্পটোৰো শুভাৰম্ভ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।এই সমষ্ট আয়োজনৰ বুজ ল’লে মন্ত্রী পীযুষ হাজৰিকাই। অমিত শ্বাহৰ খনিকৰৰ সভাত ১ লাখ লোক সমবেত হোৱাৰ লগতে কাৰ্যসূচী সফল কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, প্ৰশান্ত ফুকন,বিমল বৰা উপস্থিত হৈ পৰ্যবেক্ষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *