স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনিৰ অধীনত
কুষ্ঠ ৰোগ নিবাৰণী অভিযানৰ শুভাৰম্ভ
চাইন অন ডেস্ক:
স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনিৰ অধীনত সোমবাৰৰ পৰা আৰম্ভ হয় কুষ্ঠ ৰোগ নিবাৰণী অভিযান – ২০২৫। চলিত মাহৰ ২৮ ডিচেম্বৰ লৈকে এপষেক যুৰি সমগ্র অসমৰ লগতে ডিব্রুগড় জিলাতো কুষ্ঠ ৰোগ শাখাৰ জৰিয়তে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত কুষ্ঠ ৰোগ চিনাক্তকৰণ নামেৰে এই অভিযান আৰম্ভ হ’ব । এই অভিযানত স্বাস্থ্য বিভাগৰ আশা কৰ্মীয়ে জিলাখনৰ প্ৰত্যেকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগীৰ অনুসন্ধান কৰি চিনাক্ত কৰিব। এই অভিযানৰ সময়ছোৱাত আশা কৰ্মীৰ সতে স্বাস্থ্য বিভাগৰ এগৰাকীলৈ পুৰুষ কৰ্মীও গৈ অনুসন্ধান কৰিব বুলি অৱগত কৰে । সমগ্ৰ বিশ্বৰ কুষ্ঠ ৰোগীৰ সংখ্যাৰ ৬০ শতাংশ ৰোগী ভাৰত বৰ্ষৰ; আৰু অসমৰ ভিতৰত তুলনামূলকভাৱে আন জিলা সমূহতকৈ ডিব্ৰুগড়ত ৰোগীৰ সংখ্যা বেছি বুলি সদৰি কৰে ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা° সৈকত পাত্ৰৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া ডা° ৰাণী চুতীয়াই । এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে গৈ অনুসন্ধান কৰি ৰোগী চিনাক্তকৰণৰ লগতে বিশেষ সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য বুলি জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনিৰ অধীনত ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত আয়োজন কৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ২০২৫ ৰ এই শুভ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা° সৈকত পাত্ৰ, কুষ্ঠ ৰোগ বিভাগৰ জিলা নডেল বিষয়া ডা° ৰাণী চুতীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বহু কেইগৰাকী বিষয়া আৰু অৰ্ধশতাধিক আশা কৰ্মী উপস্থিত থাকে ।
