...

লাংহিনত আঞ্চলিক ভোগালী বিহু সমিতিৰ সৌজন্যত

Spread the love

লাংহিনত আঞ্চলিক ভোগালী বিহু সমিতিৰ সৌজন্যত

ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি

কাৰ্বি আংলংৰ পৰা অনুৰাগ ভূঞা

কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্হিত ফুলনি শাখা সাহিত্য সভা প্ৰাংগনত “লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ” সৌজন্যত ১৩ জানুৱাৰী তাৰিখে দিনযোৰা কাৰ্যসূচীৰে “ভোগালী বিহু উৎসৱ” উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । এই উদ্দেশ্যে আজি মংগলবাৰে ভেলা ঘৰ নিৰ্মাণৰ বাবে লাই খুঁটা স্থাপন কৰে লাংহিন পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ কমল ব্ৰহ্মই আৰু তেওঁৰ লগত সহযোগ কৰে লাংহিন পৌৰসভাৰ প্ৰাক্তন ওৱাৰ্ড কমিছনাৰ তথা ফুলনি শাখা সাহিত্য সভাৰ সভাপতি দেৱেশ্বৰ হাজৰিকাই ।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া ভোগালী বিহুত বিভিন্ন ধৰণৰ খেল-ধেমালি, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত অতিথি শিল্পী আকাশ প্ৰীতমৰ গীতৰ শৰাই আগবঢ়াব হ’ব বুলি ভোগালী বিহু সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা আৰু সম্পাদক ৰূপম জ্যোতি হাজৰিকাই জানিব দিয়াৰ ওপৰিও সমুহ কাৰ্যসূচীতে স্হানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *