...

১৫ হাজাৰ আসনবিশিষ্ট গেলাৰী

Spread the love

 

১৫ হাজাৰ আসনবিশিষ্ট গেলাৰী

 

উমৰাংছ’ত আটকধুনীয়া ক্রিকেট স্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ

চাইন অন ডেস্ক:

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ উদীয়মান ক্রিকেট খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ক্রিকেটৰ এক ইতিবাচক পৰিৱেশ গঢ়িবলৈ গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে শুক্ৰবাৰে ডিমা হাছাও জিলাৰ উমৰাংছুত অসম ক্রিকেট সন্থাৰ উদ্যোগত নৈসর্গিক পৰিৱেশত গঢ়ি তোলা প্রায় ১৫,০০০ হাজাৰ আসন ক্ষমতা বিশিষ্ট এক আকর্ষণীয় ব্যবস্থাসম্পন্ন অত্যাধুনিক ক্রিকেট স্টেডিয়াম আক ছেঙিয়া তুলাৰাম পেভিলিয়নৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত আধাৰশিলা স্থাপন কৰা এই স্টেডিয়ামখন এক মনোৰম প্রাকৃতিক পৰিবেশৰ মাজত নির্মাণ কৰা হৈছে। খেলুৱৈসকলক উপযুক্ত প্রশিক্ষণ প্রদান আৰু তেওঁলোকৰ সর্বোত্তম প্রদর্শন কৰাত সহায়ক হোৱাকৈ এই স্টেডিয়ামত পাঁচটা চেন্টাৰ উইকেট আৰু পাঁচটা নির্দিষ্ট অনুশীলন পিটচ থকা এক অনুশীলন ক্ষেত্র আছে, যিয়ে বছৰজুৰি প্রশিক্ষনাৰ সুবিধা নিশ্চিত কৰিব। এই স্টেডিয়াম প্রকল্পৰ চৌহদত প্রায় ৩২ গৰাকী খেলুৱৈৰ বাবে অত্যাধুনিক সুবিধাযুক্ত এটা পেভিলিয়ন আৰু চৌহদটোৰ কাম-কাজ চলোৱাৰ বাবে কর্মচাৰীসকলৰ বাবে ৮টা আবাসিক কোৱার্টাৰো নির্মাণ কৰা হৈছে। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে উমৰাংছুত উদ্বোধন হোৱা ক্রিকেট স্টেডিয়ামখনৰ সমীপতে এখন ফুটবল স্টেডিয়ামো নির্মাণ হ’ব। দুয়োবিধ জনপ্রিয় খেলৰ বাবে দুখন স্টেডিয়াম নির্মাণ হৈ উঠাৰ পিছত উমৰাংছুত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি আশা কৰে। তেওঁ কয় যে দেশৰ তাৰকা ক্রিকেট খেলুৱৈৰ উপস্থিতত এই স্টেডিয়ামখনত আগন্তুক সময়ত ক্রিকেট খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। সুন্দৰ প্রাকৃতিক পৰিৱেশৰ মাজত নির্মিত এই স্টেডিয়ামখনত নিশাৰ ভাগত খেল অনুষ্ঠিত হ’লে ক্রীড়াপ্রেমীয়ে অধিক আনন্দ উপভোগ কৰিব পাৰিব। মুখ্যমন্ত্রীয়ে অনুষ্ঠানত উপস্থিত থকা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সস্থাৰ সভাপতি তৰংগ গগৈ তথা উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেবোলাল গার্লেছাক স্টেডিয়ামখনত ‘ফ্লাড লাইট’ৰ ব্যৱস্থা কৰাৰ দিশত যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ঘোষণা কৰে যে উমৰাংছ’ত প্ৰস্তাৱিত ফুটবল স্টেডিয়ামখনত এটা ‘ছিন্থেটিক’ ট্রেক স্থাপন কৰা হ’ব আৰু ইয়াৰ বাবে যাবতীয় পুঁজি ৰাজ্য চৰকাৰে যোগান ধৰিব। ভাষণত মুখ্যমন্ত্রীয়ে অসম ক্রিকেট সন্থাই স্টেডিয়ামখনৰ নির্মাণৰ বাবদ ১১ কোটি টকা ব্যয় কৰিছে। উমৰাংছুত ক্রিকেট স্টেডিয়াম নির্মাণ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে অসম ক্রিকেট সস্থাক ধন্যবাদ জ্ঞাপন কৰে। প্রসংগক্রমে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে অসম আৰক্ষীত শেহতীয়াকৈ হৈ যোৱা নিযুক্তি প্রক্রিয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ পৰা ১০০তকৈও অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে অসম আৰক্ষীত পুনব এক বৃহৎ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হ’ব। সেই প্রক্রিয়াৰ জৰিয়তেও যাতে অধিকসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব পাবে তাৰ বাবে এতিয়াবে পবা শাৰীৰিক সক্ষমতা বৃদ্ধিৰ অনুশীলন আৰম্ভ কৰিবলৈ তেওঁ জিলাখনৰ যুৱক-যুৱতীসকলক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট টিমটোত অসমৰ উমা ছেত্রীও সদস্যা হিচাপে আছিল। বোকাখাতৰ এখন গাঁও নিবাসী উমা ছেত্রীয়ে নিজ প্রতিভাৰ বলত আজি ক্রিকেটৰ ক্ষেত্ৰখনত উজলি উঠিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমাজে যদি সুপ্ত প্রতিভাসমূহ বিকাশত গুৰুত্ব আৰোপ কৰে, তেন্তে অসমৰ বহু প্রতিভা পোহৰলৈ আহিব। উমৰাংছুত যদি ক্ৰিকেটৰ এক পৰিৱেশ গঢ়ি উঠে তেতিয়া আগন্তুক পাঁচ দহ বছত জিলাখনৰ পৰা বহু প্ৰতিভাধৰ ক্রিকেট খেলুৱৈ জন্ম হ’ব বুলি তেওঁ কয়। প্রায় ১০ বছৰ পূর্বে লণ্ডনলৈ যাওঁতে তাত ক্রিকেটৰ বাবে নির্মিত গ্রীন স্টেডিয়াম প্রত্যক্ষ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এনেধৰণৰ স্টেডিয়াম হিমাচল প্রদেশতো আছে। উমৰাংছুত উদ্বোধন হোৱা স্টেডিয়ামখনৰ পৰাও ক্রিকেট প্রতিভা সৃষ্টি হ’ব বুলি আশা কৰি মুখ্যমন্ত্রীয়ে আগন্তুক সময়ত স্টেডিয়ামখনৰ সা-সুবিধা উন্নীত কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি কয়। ভাষণত মুখ্যমন্ত্রীয়ে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে বিগত সময়ছোৱাত হোৱা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে জিলাখনৰ বাট-পথ পূর্বৰ তুলনাত যথেষ্ট উন্নত হোৱাৰ উপৰি বিদ্যালয়, মহাবিদ্যালয় আদি স্থাপনৰ পদক্ষেপো চলি আছে। তেওঁ লগতে মন্তব্য কৰে যে শিক্ষা-দীক্ষাৰ সমান্তৰালকৈ ডিমা হাছাওত যুবক-যুবতীসকলে ক্রীড়াৰ ক্ষেত্ৰখনতো আগবাঢ়ি যাব লাগিব। তেওঁ লগতে কয় যে। উমৰাংছু অসমৰ অন্যতম সুন্দৰ ঠাই। পর্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই ঠাইখনক সকলোৱে মিলি অধিক বিকশাই তুলিব লাগিব। অনুষ্ঠানত মন্ত্রী নন্দিতা গাৰ্লোছা, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পেৰোলাল গার্লোছা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, বিচিচিআইৰ সচিব দেবজিৎ শইকীয়া, অসম ক্রিকেট সস্থাৰ সচিব সনাতন দাস, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যবৃন্দকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *