আলফা (স্বাঃ)ৰ ম্যানমাৰৰ শিবিৰত পুনৰ আক্ৰমণ সেনাৰ
আলফা (স্বাঃ)ৰ শীৰ্ষ নেতা প্ৰদীপ অসম ওৰফে অকণ গগৈ নিহত
চাইন অন ডেস্ক:
আলফা (স্বাঃ)ৰ ম্যানমাৰৰ শিবিৰত পুনৰ আক্ৰমণ সেনাৰ। যুদ্ধ বিমানেৰে আলফা (স্বাঃ)ৰ শিবিৰত মিছাইল আক্ৰমণ। মিছাইল আক্ৰমণত নিহত আলফা (স্বাঃ)ৰ শীৰ্ষ নেতা প্ৰদীপ অসম ওৰফে অকণ গগৈ নিহত।
নিহত ব্ৰিগেডিয়াৰ গণেশ লাহন ওৰফে গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ গগৈ ওৰফে প্ৰদীপ অসম।
সেনাৰ আক্ৰমণত নিহত আলফা (স্বাঃ)ৰ কৰ্ণেল প্ৰদীপ অসম। নিহত প্ৰদীপ অসম ওৰফে অকণ গগৈৰ ঘৰ চৰাইদেউৰ ১ নং হাওঁফাওঁৰ নিবাসী। প্ৰদীপ অসমৰ নিহতৰ খবৰ লাভৰ পাছতে হাওফাওঁ গাঁৱত শোকাকুল পৰিৱেশ।
১৯৯৬ চনতে আলফাত যোগদান কৰিছিল প্ৰদীপ অসমে। নিহত প্ৰদীপ অসমৰ মৃতদেহ পৰিয়ালক চমজাই দিবলৈ আহ্বান পৰিয়ালৰ। পিতৃ স্বৰ্গীয় যোগেন গগৈ আৰু স্বৰ্গীয় মাতৃ বগী গগৈৰ দ্বিতীয় পুত্ৰ প্ৰদীপ অসম ওৰফে অকণ গগৈ।