কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰন,কেএলঅৰ লগত শান্তি আলোচনা
পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত
৯ নভেম্বৰত বৃহত গনসমাবেশ
বঙাইগাঁও:
অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘ দিনৰে পৰা কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰন , পৃথক কমতাপুৰ ৰাজ্য গঠনৰ লগতে কেএলঅৰ লগত শান্তিচুক্তি স্বাক্ষৰ কৰাৰ দাবীত বিভিন্ন ধৰনৰ আন্দোলন কৰি আহিছে যদিও চৰকাৰী পক্ষই কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাত এই বাৰ জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন।সেই অহা ৯ নভেম্বৰত নামনি অসমৰ বঙাইগাওঁ আক্ৰাছু , কামতাপুৰ ষ্টেট ডিমান্ড কাউঞ্চিল, কোচ ৰাজবংশী সংগঠন, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী , সদৌ বিটিআৰ কোচ ৰাজবংশী সন্মিলনী , কোচ ৰাজবংশী মহিলা সন্মিলনী, ক্ৰানছু আদিকে ধৰি কেইবাটাও সংগঠনে একত্ৰিত ভাবে বৃহৎ গন সমাবেশৰ আয়োজন কৰিছে। উক্ত গনসমাবেশৰ বাবে সংগঠন সমুহে পৃথকে পৃথকে গাওৱে গাওৱে কোচৰাজবংশী জনগোষ্ঠীও লোকসকলোৰ লগত মত বিনিময় কৰাৰ লগতে আলোচনা সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিছে। কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আক্ৰাছুৰ উদ্যোগত এক সজাগতা সভা তথা আলোচনা সভা অনুষ্ঠিত কৰে। উক্ত সভাত শক্তিআশ্ৰম অঞ্চলৰ কেইবাশতাধিক লোক অংশ গ্ৰহন কৰি আলোচনা সভাখনৰ সফল ৰূপ দিয়ে আৰু অহা ৯ নভেম্বৰত শক্তি আশ্ৰম অঞ্চলৰ পৰা বঙাইগাওঁত অনুষ্ঠিত হবলগীয়া গনসমাবেশত অংশ গ্ৰহন কৰিব।আলোচনা সভাত আক্ৰাছুৰ সভাপতি মনোজ ৰায়ে কয় যে অহা বিধান সভা নিৰ্বাচনৰ আগতে যদি কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘ দিনীয়া দাবী সমুহ পূৰন নকৰিলে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিক উৎখাৎ কৰিব বুলিও উল্লেখ কৰে।শক্তি আশ্ৰমত অনুষ্ঠিত সজাগতা সভাত কেএছিৰ ইএম কৰ্মেশ্বৰ ৰায় , আক্ৰাছুৰ মূখ্য উপদেষ্টা ক্ষীতিশ বৰ্মন আদি নেতা উপস্থিত থাকে । ইপিনে সদৌ বিটিছি কোচৰাজবংশী সন্মিলনীৰ সভাপতি তথা কেএছ ডিছিৰ মূখ্য আহ্বায়ক লক্ষীন্দ্ৰ ৰায়ও অহা ৯ নভেম্বৰত অনুষ্ঠিত হবলগীয়া গন সমাবেশত হিলদৌল ভাঙি কোচৰাজবংশী জনগোষ্ঠীক অংশ গ্ৰহন কৰাৰ আহ্বান জনায়
