Skip to content ডিব্ৰুগড়ত জনজাতি পৰিষদৰ বক্তৃতামালা
অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণাৰ দাবী
চাইন অন ডেস্ক:
অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে জনজাতি সুৰক্ষা পৰিষদে। আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক বক্তৃতামালাত অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰি অসমৰ সুৰক্ষা কৱচ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰো দাবী উত্থাপন কৰিছে জনজাতি সুৰক্ষা পৰিষদে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহযোগত কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতামালাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণল প্ৰসংগতো সৰৱ হৈ পৰে। বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দিলেহে অসমীয়া জাতি সুৰক্ষিত হৈ থাকিব বুলি উল্লেখ কৰে। ইয়াৰ বিপৰীতে জনজাতিসকলক চৰকাৰী চক্ৰই ভুল ব্যাখ্যা উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। জনজাতি সুৰক্ষা পৰিষদ অসমৰ মুখ্য সভাপতি ডাঃ দুৰ্লভ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ১৯৭৩ চনতে প্ৰৱৰ্তিত বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেছন এক্ট অনুসৰি অসমৰ বিভিন্ন জিলাত প্ৰৱৰ্তন কৰা আন্তঃৰাজ্যিক পাৰ্বত্য আইনখন ২০২৪ চনত বিলুপ্ত কৰাত সভাই তীব্ৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। একে সময়তে অসমৰ সকলো ৰাজহ গাঁৱক থলুৱাৰ বাবে সংৰক্ষিত কৰিবৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ইফালে জনজাতি সুৰক্ষা পৰিষদৰ পৰৱৰ্তী বক্তৃতা মালা অক্টোবৰ মাহত লক্ষীমপুৰ জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এই সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মটক ছাত্ৰ সন্থাৰ সভাপতি তথা আহ্বায়ক সঞ্জয় হাজৰিকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা তথা জনজাতি সুৰক্ষা পৰিষদৰ সচিৱ প্ৰধান উদয় শংকৰ মহনে। সভাত অনিৰুদ্ধদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, জনজাতি সুৰক্ষা পৰিষদৰ মুখ্য সমন্বয়ক তথা আটাছুৰ সভাপতি বসন্ত গগৈ, জনজাতি সুৰক্ষা পৰিষদৰ উপ-সভাপতি সুনটি দাস, সোণোৱাল কছাৰী ছাত্ৰ-সন্থাৰ সভাপতি দেৱানন্দ চেলেং, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, সাধাৰণ সম্পাদক দীপক বৰা, কলিতা জনগোষ্ঠীৰ যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক সুৰজ তালুকদাৰ আদিকে ধৰি বহু জনগোষ্ঠীয় তথা জাতীয় সংগঠনৰ নেতাই উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে।