...

কোকৰাঝাৰৰ পৰা ভুটানলৈ চলিব ৰে’ল

Spread the love

কোকৰাঝাৰৰ পৰা ভুটানলৈ চলিব ৰে’ল

চলি আছে ৰেল লাইনৰ বাবে মাটিৰ জৰীপ

বাসুগাঁও:

কোকৰাঝাৰৰ পৰা ভুটানলৈ ৰে’ল চলাচলৰ বাবে মাটিৰ জৰীপৰ কাম তীব্ৰ গতিত চলি আছে । ইতিমধ্যে যি দিশেৰে ৰেল লাইনৰ বাবে জৰীপ হৈছে উক্ত ঠাইৰ মাটিত জেওৰা বেৰ দি নাৰিকল, তামোল, আম, নেমু ইত্যাদি বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰিছে একাংশ মাটিৰ গৰাকী । একাংশই বিভিন্ন জনৰ পৰা মাটি লীজত লৈ নিজাববীয়াকৈ বেৰ-জেওঁৰা দি গছপুলি ৰোপণ কৰিছে । মাটিৰ গৰাকীৰ সতে ফিফটি ফিফটি অথবা ফৰ্টি-চিক্সটি হিচাপত প্ৰাপ্য ধনৰ ভাগ-বতৰাৰ চুক্তি কৰি লৈছে । ৰেল লাইন নিৰ্দ্বাৰণ হোৱা ঠাই ডোখৰত কৃষি বিভাগ, ৰেলৱে বিভাগ, ৰাজহ বিভাগৰ উপৰি মাটিৰ গৰাকী, গছপুলি ৰোপণৰ ঠিকাদাৰ, অঞ্চলবাসী ৰাইজৰ উপস্থিতিত ঠাইডোখৰ মেলামুখী ৰূপ ধাৰণ কৰিছে । অধিক লাভৰ আশাত কম দূৰত্বত যধে-মধে গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত তীব্ৰ আপত্তি দৰ্শায় কৃষি বিভাগৰ বৰমূৰীয়াই‌ । অৱশ্যে এই ক্ষেত্ৰত মাটিৰ গৰাকী আৰু ঠিকাদাৰে আত্মপক্ষ্য সমৰ্থন কৰি কয় যে ৰেল লাইনৰ নামত যি মাটিৰ মূল্য পাব উক্ত টকাৰে মাটি ক্ৰয় কৰা সম্ভৱ নহয় । প্ৰাপ্য ধন লাভ কৰি‌ অধিকাংশই উন্নতি কৰিব নোৱাৰিব।গতিকে নিয়মৰ দোহাই দি বাধা নিদিবলৈ আহ্বান জনায় মাটিৰ গৰাকী আৰু গছপুলি ৰোপণ কৰা ঠিকাদাৰে।আশাঁ কৰা মতে ধন লাভ কৰিব নে নাই সেয়া সময়তহে জনা যাব। অৱশ্যে ধন লাভৰ ক্ষেত্ৰত যে এখনি খেল হ’ব সেয়া খাটাং বুলি সচেতন লোকে মন্তব্য প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *