...

ডিব্ৰুগড়ত আজি মুঠ আঠ জনৰ মনোনয়ন

Spread the love

ডিব্ৰুগড়ত আজি মুঠ আঠ জনৰ মনোনয়ন

আকাশ বতাহ কঁপাই ৰাজপথত হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মী

চাইন অন ডেস্ক:

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি এতিয়া তুংগত। আজি ডিব্ৰুগড়ত দেখা গ’ল এক বৃহৎ শক্তি প্ৰদৰ্শন। বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আনফালে বিজেপি আৰু কংগ্ৰেছৰ হেভিৱেট প্ৰাৰ্থীসকলৰ মনোনয়নক কেন্দ্ৰ কৰিও এতিয়া উত্তাল ডিব্ৰুগড়। ডিব্ৰুগড়ত আজি এক উখল-মাখল পৰিৱেশৰ স্বৃষ্টি হয়। হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, লুৰিণজ্যোতি গগৈৰ প্ৰায় ১৫ সহস্ৰাধিক সমৰ্থকৰ এই যাত্ৰাত সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিৰোধী ঐক্যৰ এই বিশেষ চবিখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত। বিৰুধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ লগতে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী মৈনাক পাত্ৰই। তেওঁ লোকৰ সৈতে সংগ দিলে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে। আনহাতে ডুলিয়াজান সমষ্টিৰ পৰা বিৰুধী ঐক্য মঞ্চৰ হৈ কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈয়ে আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন আৰু চাবুৱা -লাহোৱাল বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে।
ডিব্ৰুগড় জিলাৰ এই গুৰুত্বপূৰ্ণ সমষ্টিকেইটাত এতিয়া নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰিছে।
খোৱাং সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কেৱল খোৱাং সমষ্টিৰ উন্নয়নৰ কথাই নহয়,সামগ্ৰিক ভাবে অসমৰ ৰাইজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। বিগত চৰকাৰে যি মনোভাৱৰে ৰাজ্যত শাসন কৰিলে, সেয়া দেশ আৰু জাতিৰ বাবে শুভ নহয়।ৰাইজে ৰজা পাতে,আকৌ ৰাইজেই ৰজা ভাঙে।এক নতুন যুগৰ আশাৰে আৰু ৰাইজৰ আশীৰ্বাদত আমি জয়ী হব পাৰিম বুলিও দৃঢ়তাৰে লুৰিণে মত প্ৰকাশ কৰে।তেনেদৰেই মিত্ৰ জোঁটৰ নাহৰকটীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকনে কয় যে অপশাসনৰ অৱসান ঘটি এক নতুন দিগন্তৰ সূচনা হব।তেনেদৰেই ডিব্ৰুগড়ৰ অজাপৰ প্ৰাৰ্থী মাইনাক পাত্ৰ, দুলীয়াজানৰ কংগ্ৰেছৰ ধ্ৰুবজ্যোতি গগৈ আৰু চাবুৱা-লাহোৱালৰ প্ৰাঞ্জল ঘাটোৱাৰে নিশ্চিত জয়ৰ কথাও সগৌৰৱে সদৰী কৰে।
ইজনৰ পিছত সিজন প্ৰাৰ্থীৰ মনোনয়ন দাখিলে প্ৰমাণ কৰিছে যে এইবাৰৰ নিৰ্বাচনত কোনো পক্ষই সহজভাৱে এৰি নিদিয়ে। এফালে যদি শাসকীয় পক্ষৰ উন্নয়নৰ শ্লোগান, আনফালে বিৰোধী ঐক্যৰ পৰিৱৰ্তনৰ সংকল্প।
মনোনয়ন দাখিলৰ এই প্ৰক্ৰিয়াই ডিব্ৰুগড়ৰ ৰাজনৈতিক সমীকৰণ কোন দিশে নিয়ে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব। জনতাই কাৰ মূৰত পিন্ধাব বিজয়ৰ মুকুট ? তাৰ বাবে অপেক্ষা কৰিব লাগিব ভোট দান আৰু ভোটগণনাৰ দিনটোলৈ।
বিৰ্গত ২০০৬ পৰা ধাৰাবাহিক ভাৱে চাৰিবাৰ ডিব্ৰুগড় সমষ্টিত নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা প্ৰশান্ত ফুকনে পঞ্চম বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰি এইয়া তেখেতৰ বাবে এক অতি সৌভাগ্য বিষয় বুলি উল্লেখ কৰে। লগতে প্ৰায় ৬০ সহস্ৰাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। প্ৰায় দহ সহস্ৰাধিক সমৰ্থকক লৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত আজি মুঠ আঠজনে দাখিল কৰে মনোনয়ন পত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *