...

১৫ আগষ্ট উপনিৱেশিক ভাৰতৰ ভুৱা ‘স্বাধীনতা দিৱস’ উদযাপনঃআলফা

Spread the love

১৫ আগষ্ট উপনিৱেশিক ভাৰতৰ ভুৱা ‘স্বাধীনতা দিৱস’ উদযাপনঃআলফা

এন এছ চি এন/জি পি আৰ এন আৰু সংযুক্ত মুক্তি বাহিনী, অসম[স্বাধীন]ৰ যৌথ বিবৃতি

১৪ আগষ্টৰ নিশা ১২ বজাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬:০০ বজালৈ সর্বাত্মক বন্ধ।

চাইন অন ডেস্কঃ

ঔপনিৱেশিক ভাৰতে তথা-কথিত স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হোৱাৰ সময়তে পশ্চিমা দক্ষিণ পূৱ এছিয়া [WeSEA] অঞ্চলত পুনৰবাৰ জাপি দিব এনে এক স্বাধীনতা উদযাপনৰ বাবে যাৰ পশ্চিম দক্ষিণ পূৱ এছিয়াৰ থলগিৰি জনগণৰ মাজত কোনো গুৰুত্ব নাই। কিয়নো; ঔপনিৱেশিক শাসকৰ দ্বাৰা নিপীড়িত পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ একো-একোটা জীয়া জাতিৰ ওপজা ভূমিত ঔপনিৱেশিক ৰাষ্ট্ৰৰ স্বাধীনতাৰ ন্যাৰ্যতা কেতিয়াও গ্ৰাহ্য হ’ব নোৱাৰে। অনস্বীকাৰ্য যে, ঔপনিৱেশিক ৰাষ্ট্ৰৰ এই দিনটোৱে পশ্চিম দক্ষিণ পূৱ এছিয়া অঞ্চলৰ থলগিৰি জনগণক প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা, দমন-উৎপীড়নৰ বাহিৰে আন একোকেই দিয়া নাই।সাম্ৰাজ্যবাদী বৃটিছে এই স্বকীয় ভূ-খণ্ডত প্ৰায় ছয়কুৰি বছৰ যিদৰে শোষণ, দমন আৰু বঞ্চনা চলাইছিল। আজি ঊনাশী বছৰে স্বাধীনতাৰ নামত ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই তাতোধিক সৰ্বগ্ৰাসী আতিশয্য অটুট ৰাখিছে।
দৰাচলতে এই দিনটো ভাৰতীয় দখলদাৰী শক্তিৰ অদম্য নিষ্ঠুৰতাৰ এক বেদনাদায়ক সোঁৱৰণীৰ দিন, যিয়ে পশ্চিম দক্ষিণ পূৱ এছিয়া অঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে অনীতিৰে সামৰিক শক্তি প্ৰয়োগ কৰি যুদ্ধ অব্যাহত ৰাখিছে, অকথিত যন্ত্ৰণা আৰু দুখ-কষ্টৰ সৃষ্টি কৰি আহিছে। এনে নিষ্ঠুৰতাৰ বিৰুদ্ধে পশ্চিম দক্ষিণ পূৱ এছিয়া অঞ্চলৰ জাতিসমূহৰ আত্মৰক্ষাৰ অধিকাৰক ঔপনিৱেশিক ৰাষ্ট্ৰ ভাৰতে নিজৰ স্বাৰ্থ তথা সম্পদ লুণ্ঠনৰ বাবে প্ৰকৃত গণতন্ত্ৰক ভূলুণ্ঠিত কৰি এই অঞ্চলৰ স্বাধীনতাকামী জনগণক সন্ত্ৰাসবাদৰ ব্যৰ্থ প্ৰলেপ দিব বিচাৰিলেও পশ্চিম দক্ষিণ পূৱ এছিয়াৰ বুৰঞ্জী জনা বিশ্ববাসীয়ে সেয়া নস্যাৎ কৰি আহিছে। বৰং স্বাধীনতাৰ মৰ্ম্মাৰ্থ বুজিপোৱা বিশ্বসমুদায়ৰ সেই নৈতিক সমৰ্থনে আমাক আমাৰ সংকল্প পূৰ্বতকৈ অধিক শক্তিশালী কৰিবলৈ উৎসাহিত কৰি আহিছে। আনহাতে মুক্তি বিপ্লৱীৰ তেজে সিক্ত পশ্চিম দক্ষিণ পূৱ এছিয়াৰ প্ৰতি লেচা মাটি নব্য ভাৰতীয় ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰিবলৈ শত-সহস্ৰজনে নিজৰ জীৱন-যৌৱন উচৰ্গা কৰি দেশভক্তিৰ অতুলনীয় নিদৰ্শন দাঙি ধৰিছে। তেনেস্থলত এই অঞ্চলৰ সাৰ্বভৌম স্বাধীনতা ভাৰতীয়ৰ হাতত তুলি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। পৰাধীনতাৰ দাসত্ব বহন কৰা আজিৰ এই ক’লা দিনটোত আমি প্ৰতিগৰাকী মুক্তিকামী জনগণে পণ লোৱা উচিত যে ওপজা মাটিক ভালপোৱা শেষৰগৰাকী মুক্তিকামী ব্যক্তি জীয়াই থকালৈকে আমি কেতিয়াও স্বাধীনতাৰ সন্ধান এৰি নিদিওঁ।
বিশ্বৰ প্ৰতিটো জাতিৰ লক্ষ্য নিজ জাতিটোক স্বকীয় গৰিমাৰে অবাধে আগবঢ়াই নিয়া। কিন্তু আমাৰ এই ঐতিহ্যমণ্ডিত ভূ-খণ্ডত সকলো সিদ্ধান্ত নিৰূপিত বা জাপি দিয়া হয় হিন্দীবলয়ৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত; য’ত থলগিৰিৰ আশা-আকাংক্ষাৰ কোনো মূল্য নাই।
সেয়েহে, প্ৰতি বছৰে অসম, নাগালেণ্ডৰ লগতে পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ। এইবেলিও পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ কাৰ্য্যক্রমনিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ।
উপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ ভুৱা স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্যতম হ’ব ১৪ আগষ্টৰ নিশা ১২ বজাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬:০০ বজালৈ সর্বাত্মক বন্ধ। অৱশ্যে এই সময়ছোৱাত স্বাস্থ্য সেৱাৰ দৰে জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ বাহাল থকাত কোনো বাধা নিষেধ প্রদান কৰা হোৱা নাই ।
সদৌশেষত, পশ্চিমা দক্ষিণ পূৱ এছিয়া [WeSEA]ৰ থলগিৰি জাতি-জনগোষ্ঠীৰ সুৰক্ষিত সোণোৱালী সু-দিনৰ হেতুকে উপৰোক্ত বন্ধ সাফল্যমণ্ডিত কৰি জাতি-মাটি-ভেটি ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ হিন্দী বলয়ৰ আগ্ৰাসনৰ পৰা বিপদ মুক্ত কৰোঁ আহক।
স্বাক্ষৰত
(২য় লেঃ ঈশান অসম)
সহঃ সম্পাদক, প্ৰচাৰ বিভাগ
সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)
বিঃদ্ৰঃ হুবহু প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *