...

নিৰ্বাচনী টোপ আছিল ষষ্ঠ অনুসূচী অন্তভুক্তিকৰণৰ প্ৰতিশ্ৰুতি

Spread the love

নিৰ্বাচনী টোপ আছিল ষষ্ঠ অনুসূচী অন্তভুক্তিকৰণৰ প্ৰতিশ্ৰুতি

কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্ট গাঁৱৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত তিৱা ছাত্ৰ সন্থাৰ অধিবেশন সম্পন্ন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাঃ “নিৰ্বাচনী টোপ আছিল ষষ্ঠ অনুসূচী অন্তভুক্তিকৰণৰ প্ৰতিশ্ৰুতি। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যদি সদ্দিছা থাকে তেনেহলে আমাক ষষ্ঠ অনুসূচীত অন্তভুক্তি কৰিব পাৰে। তিৱাসকলক ষষ্ঠ অনুসূচীত অন্তভূক্তি কৰিলে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ’ব। আমি আশাবাদী চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে।” নগাঁৱৰ কামপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি বিমান প্ৰতিম মচৰঙে। উল্লেখ্য যে নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্ট গাঁৱৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি বাৰ্ষিক অধিবেশন। কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তিৱা জনগোষ্ঠীলোকৰ লগতে বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধি বৰ্গও উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰীত পুৱা কাৰ্যকৰী সভাপতি কল্যাণ ৰাজখোৱাই অধিবেশনৰ মূল তোৰণ মুকলি কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচীৰ মাজৰে নিশাৰ ভাগলৈ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। শিক্ষক শ্যমন্ত পাটৰে উদ্বোধন কৰা কেন্দ্ৰীয় প্ৰতিনিধি সভাখনত আগন্তুক বৰ্ষৰ বাবে সংগঠনটোৰ ২১জনীয়া পূৰ্ণাংগ কেন্দ্ৰীয় নতুন সমিতিখন গঠন কৰা হয়।

সভাই বিমান প্ৰতিম মচৰেঙক সভাপতি আৰু প্ৰমোদ ছাগ্ৰাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। ১ ফেব্ৰুৱাৰীৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি বিমান প্ৰতিম মচৰেঙে আৰু তিৱা আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা তিৱাসকলৰ পিতৃ ফা পৰোই ইন্দ্ৰসিং দেউৰী (ইডং আমছি)ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আটাছুৰ সাধাৰণ সম্পাদক প্ৰমোদ ছাগ্ৰাই। ইয়াৰ পিছতে তিৱা কৃষ্টি -সংস্কৃতি প্ৰদৰ্শন কৰি তেঁতেলীসৰাৰ ৰাজপথত এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় পাঁচ শতাধিক তিৱা পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশ লৈ তিৱা জাতীয় নৃত্য-গীত প্ৰদৰ্শন কৰে।

দিনৰ ১বজাৰ পৰা অনুষ্ঠিত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ সমাহাৰৰে এক সাংস্কৃতিক অনুষ্ঠানত কাৰ্বি,তিৱা,ৰাভা আদি জনগোষ্ঠীয় লোকসকলে নিজৰ স্বকীয় নৃত্য গীত প্ৰদৰ্শন কৰে। বিয়লি ৩ বজাত বিমান প্ৰতিম মচৰেঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত সমাজকৰ্মী লিটচং ৰাংফাৰ,সমাজকৰ্মী দিপেন দেউৰী, কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ টেৰণ,দেউৰী ছাত্র সন্থাৰ সভাপতি অবিনাশ দেউৰী,NDTS সভাপতি দেবেন কুমাৰ বড়ো উপস্থিত থাকি অসমৰ জনজাতি লোকসকলৰ লগতে তিৱা জনগোষ্ঠীকে সংবিধানে প্ৰদান কৰা অধিকাৰ সমূহ চৰকাৰে প্ৰদান কৰি জনগোষ্ঠীসমূহৰ সমূহৰ সৰ্বাঙ্গীন উন্নয়নৰ দাবী জনায়। অনুষ্ঠানত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কলিয়াবৰ জিলা বি জে পিৰ সভাপতি বাবুল বৰা,তেঁতেলীসৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দাস আদি। নিশা ভাগলৈ অনুষ্ঠিত সাস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে ভাস্কৰ অপচেৱেলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *