নগাঁৱৰ চামগুৰিত “দুলাল পেপাৰ এজেঞ্চি”ৰ ত্রিশ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
“সামাজিক মাধ্যমৰ সু-প্ৰভাৱ যিদৰে আছে,ঠিক সেইদৰে কু-প্ৰভাৱো আছে যথেষ্ট ৷ তৎস্বত্বেও বাতৰি কাকতৰ প্ৰয়োজনীয়তা কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ ম’বাইলৰ জৰিয়তে সামাজিক মাধ্যমত সম্প্ৰচাৰিত বাতৰিক সকলো ক্ষেত্ৰতে বিশ্বাস কৰিব নোৱাৰি ৷ এ আই প্ৰযুক্তিৰ জৰিয়তে মানুহৰ মিছাক সঁচা কৰাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ তাৰ মাজতে সমাজৰ সচেতন আৰু বিবেকবান লোকসকলে বাতৰিকাকতক প্ৰাধান্য দিয়ে আৰু নৱ প্ৰজন্মৰ মাজতো অধ্যয়নশীলতা বৃদ্ধি পাবলৈ ধৰিছে ৷”—এই মন্তব্য “স্বতন্ত্ৰতা সেনানী”ৰ সম্পাদক নীলৰঞ্জন শৰ্মাৰ ৷ ৰবিবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰি আঞ্চলিক পুথিভঁৰাল প্রাঙ্গণত চামগুৰিৰ “অসমীয়া প্ৰতিদিন”ৰ জেষ্ঠ সাংবাদিক প্ৰদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত “দুলাল পেপাৰ এজেঞ্চি”ৰ ত্ৰিশ বছৰীয়া বর্ষপূতি উপলক্ষে আয়োজিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি “স্বতন্ত্ৰতা সেনানী”ৰ সম্পাদক তথা “দৈনন্দিন বাৰ্তা”ৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আৰু কয় যে সামাজিক মাধ্যমৰ জৰিয়তে তাৎক্ষণিক সংবাদ প্ৰাপ্তি বা জিজ্ঞাসু মনৰ মানুহক ভূ-ভাৰস্তৰ তথ্য জনাৰ সুবিধা প্ৰদান কৰি আহিছে যদিও মানুহৰ মাজৰ ঐক্য,সম্প্ৰীতি ক্ৰমাৎ বিঘ্নিত কৰিছে ৷ তাৰ মাজতো বাতৰিকাকত বিক্ৰেতা আৰু বিলনীয়াসকল কৃতজ্ঞতাৰ পাত্ৰ ৷ তেওঁলোকে এটি অতি কষ্টসাধ্য কৰ্মৰ মাজেৰে বৌদ্ধিক পৰিমণ্ডল সৃষ্টিত যোগাত্মক অৰিহণা যোগাই আহিছে ৷ চামগুৰিৰ “নিয়মীয়া বাৰ্তা”ৰ সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মাই আঁত ধৰা আৰু এজেঞ্চিটোৰ স্বত্বাধিকাৰী দুলাল শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনিত চামগুৰি উচ্চতৰ মাধ্যমিক
বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্লভ মহন্ত উপস্থিত থাকি বাতৰিকাকতৰ জয়যাত্ৰাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰাৰ লগতে ১২খন কাকতেৰে ব্যৱসায় আৰম্ভ কৰি সম্প্ৰতি পাঁচ শতাধিক কাকত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত পুৱাতে খবৰ বিলোৱা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীক ভূয়সী প্ৰশংসা কৰে ৷ উল্লেখ্য যে,ঐতিহ্যমণ্ডিত বৃহত্তৰ চামগুৰি অঞ্চলত বৌদ্ধিক এক পৰিমণ্ডল সৃষ্টিৰ আকাংক্ষাৰে প্ৰায় একক প্রচেষ্টাৰেই বিগত ত্রিশ বছৰ পূৰ্বে ভেলেউগুৰিত “দুলাল পেপাৰ এজেঞ্চি” নামৰ প্ৰতিষ্ঠানটি স্থাপন কৰাৰ লগতে কেইবাগৰাকীও বাতৰিকাকত যোগনীয়াৰক কৰ্মসংস্থাপনৰ সুবিধা প্রদান কৰি সামন্য পৰিমাণ হ’লেও আর্থিক সহযোগিতা আগবঢ়াই আহিছে ৷ প্ৰতিষ্ঠানটিৰ ত্ৰিশ বছৰীয়া বর্ষপূতি উপলক্ষে আয়োজিত সভাত স্তম্ভ লেখক দেবেন শইকীয়া,আঞ্চলিক পুথিভঁৰালৰ সভাপতি ডম্বৰু বৰা, বিশিষ্ট সমাজ সেৱক লক্ষীৰঞ্জন কাকতি,জয়ন্ত বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷ “বর্তমান সমাজত সামাজিক মাধ্যমৰ সু-প্ৰভাৱ আৰু কু-প্ৰভাৱৰ লগতে বাতৰি কাকতৰ প্ৰয়োজনীয়তা” শীৰ্ষক এক মননশীল বিষয়ৰ আলোচনাৰ সভাখনিত প্ৰধান শিক্ষক ৰফিকুল ইছলাম,সমাজসেৱক গোবিন ডেকা,নৰেন ভূঞা,”দৈনিক অগ্ৰদূত”ৰ চামগুৰিৰ সাংবাদিক বিবেকানন্দ শইকীয়া,”আমাৰ অসম”ৰ চামগুৰিৰ সাংবাদিক নৱজ্যোতি বৰা, “অসমীয়া খবৰ”ৰ চামগুৰিৰ সাংবাদিক ৰিঙ্কুমনি শইকীয়া,”গণ অধিকাৰ”ৰ চামগুৰিৰ সাংবাদিক নৃপেন হাজৰিকাকে ধৰি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানত স্নিগ্ধা পৰাশৰে এটি সুমধুৰ সংস্কৃত শ্লোক পৰিবেশ কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷