...

তেওঁলোকে আচলতে কামাখ্যা মন্দিৰলৈকে মাক, সেৱা কৰিবলৈ যোৱা নাই;কালাপাহাৰক সেৱা কৰিবলৈ গৈছিল!

Spread the love

তেওঁলোকে আচলতে কামাখ্যা মন্দিৰলৈকে মাক, সেৱা কৰিবলৈ যোৱা নাই;কালাপাহাৰক সেৱা কৰিবলৈ গৈছিল!

ধুবুৰী কংগ্ৰেছৰ পৰিবৰ্তন যাত্ৰাক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

চাইন অন ডেস্ক:

“গৌৰৱ গগৈ যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাতে তেওঁলোকৰ কথা বিলাক বুজি পোৱা যায়। তেওঁলোকে আচলতে কামাখ্যা মন্দিৰলৈকে  মাক সেৱা কৰিবলৈ যোৱা নাই;কালাপাহাৰক সেৱা কৰিবলৈ গৈছিলে। কালাপাহাৰৰ পৰা অনুপ্ৰাণিত হ’বলৈ গৈছিলে। কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল, ভাবিছিল। গতিকে এনেকুৱা কালাপাহাৰৰ আদৰ্শেৰে তেওঁলোক চলে। গতিকে দেখাত হয়তো কামাখ্যা মন্দিৰ গৈছিল। কিন্তু তাত তেওঁলোকে কালাপাহাৰকে আৰোধনা  কৰিছে যে, কেনেকে মন্দিৰ বিলাক ভাঙিব পাৰি, কেনেকৈ নামঘৰ বিলাক ভাঙিব পাৰি। আমাৰ সংস্কৃতি শেষ কৰিব পাৰি। কাৰণ তেওঁলোকতো ভাৰতীয় সংস্কৃতিৰ লগত নাই নহয়। আমাৰ সংস্কৃতিৰ লগত কংগ্ৰেছ দল কেতিয়াও নাই। গতিকে কংগ্ৰেছ দলে কালাপাহাৰৰ আশীৰ্বাদ লৈ এই ধৰণে যাত্ৰা আৰম্ভ কৰিছে আৰু, যাত্ৰাৰ ব্যৱস্থাত তেখেত সকলে এই ধৰণে আমাৰ নামঘৰ নষ্ট কৰিব, মন্দিৰ নষ্ট কৰিব; কাৰণ এই মন্দিৰ, নামঘৰক কংগ্ৰেছে কেতিয়াও সুৰক্ষা দিয়া নাই। মই তেখেতসকলক কৈছোঁ যে, এনেয়ে মানুহৰ আগত নাটক কৰিব নালাগে, যি সঁচা আবেগ ভিতৰত যি আছে সেইটো দেখুৱাই দিয়ক, কৈ দিয়ক। তেওঁলোকৰ অন্তৰততো মিঞা সকলেই আছে, মিঞা সকলৰ কাৰণে কাম কৰি আছে। গতিকে সেই ধৰণে তেওঁলোকে যিয়েই নকৰক কিয়, অসমৰ ৰাইজে বুজি পায়; অসমৰ ৰাইজে সেই কাৰণে তাৰ প্ৰত্যুত্তৰো দি আছে আৰু এই ধৰণে আমাৰ জাতিটোক বিভিন্ন ধৰণে প্ৰতাৰণা কৰাৰ ব্যৱস্থাটোৰ প্ৰত্যুত্তৰ পাব।” এই বিষ্ফোৰক মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণক লৈ যোৱাকালি নিশা বিজেপিৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকৰ সন্মুখত এইদৰে কয় মন্ত্ৰী গৰাকীয়ে। আনহাতে, সাংবাদিকৰ এক প্ৰশ্নত অখিল গগৈলৈ কটাক্ষ কৰি তেওঁৰ মন্তব্য, “বিৰিয়ানী অসমীয়া খাদ্য নহয়।” শাসকীয় মিত্ৰজোঁট তথা এনডিএই আগন্তক বিধানসভা নিৰ্বাচনত কেইখন আসন লাভ কৰিব বুলি শুধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মল্লবৰুৱাৰ দাবী, “এইবাৰ এনডিএৰ আসন যোৱাবাৰ (বিগত বিধানসভা নিৰ্বাচন)তকৈ বেছি হ’ব; সেয়া আপুনি নিশ্চিত থাকিব পাৰে। আমাৰ আসন বাঢ়িব। আমাৰ যি মিত্ৰ দল আছে, সকলোৱে ভাল বুজাবুজিৰে আমি কাম কৰিম; ধুনীয়াকৈ আসন ভাগ-বাটোৱাৰা হ’ব। কেতিয়ালৈ অসমত এনডিএৰ মাজত আসন ভাগ-বাটোৱাৰা হ’ব সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, “এতিয়াও নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই। মোৰ মতে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত হ’ব লাগে।’

Leave a Reply

Your email address will not be published. Required fields are marked *