...

ৰাভা হাছঙক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবী

Spread the love

ৰাভা হাছঙক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবী

বৰদুৱাৰ বাগানত জোঁৰ সমদল

চাইন অন ডেস্ক:

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিকৰণৰ দাবীত ইতিমধ্যে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ ইয়াৰে অংশৰূপে আজি সন্ধিয়া পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত এটি বিশাল জোঁৰ সমদল উলিয়াই ৰাভা জাতীয় সংগঠন সমূহে । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত তথা বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি ৰাভা জাতীয় সংগঠন সমূহৰ সহযোগত উলিওৱা জোঁৰ সমদলটো শুভাৰম্ভ কৰে কেন্দ্ৰীয় ষষ্ঠ অনুসূচী দাবী সমিতিৰ নেতা দশানন ৰাভাই ৷
জাৰাপাটা খেলপথাৰৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলটোত অংশগ্ৰহণকাৰী ৰাভা জাতীয় সংগঠনৰ নেতৃত্বই উল্লেখ কৰে যে – ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ষষ্ঠ অনুসূচী সম্পৰ্কত আলোচনাৰ বাবে ৰাভা জাতীয় সংগঠনক প্রতিশ্রুতি দিছিল ৷ কিন্তু যথাসময়ত উক্ত প্রতিশ্রুতি ৰক্ষা নকৰিলে বুলি উল্লেখ কৰি ক্ষোভ ব্যক্ত কৰে ৷ তদুপৰি চৰকাৰখনে ৰাভা সকলৰ ন্যায্য প্ৰাপ্তিৰ দীৰ্ঘদিনীয়া সংগ্ৰামখনক গুৰুত্ব নিদিয়া বুলি অভিযোগ তুলি ২৬ ৰ নিৰ্বাচনৰ আগত পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাই ৷ অন্যথা জংগী আন্দোলনৰ পথ বাচি ল’বলৈ বাধ্য হ’ব বুলিও উল্লেখ কৰে নেতা সকলে ৷ প্ৰদীপ ৰাভা, ললিতা ৰাভা, দেৱজিত নাফাকে ধৰি কামৰূপ জিলা আৰছুৰ সাধাৰণ সম্পাদক অশোক নংবাগ আৰু আঞ্চলিকৰ সুভাষ চিনাল ,সত্যজিত ৰাভা তথা ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও পাৰিষদ আৰু অঞ্চলটোৰ পঞ্চায়ত প্ৰতিনিধি সকলে সমদলটোতত অংশলৈ সকলোৱে হাতে হাতে জোঁৰ লৈ আৰছু জিন্দাবাদ,আমাক ষষ্ঠ অনুসূচী লাগিবই,আমাৰ দাবী ন্যায্য দাবী আদিৰ উপৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *