...

ধন-সম্পত্তিৰ প্ৰতি লালসা নাই!

Spread the love

ধন-সম্পত্তিৰ প্ৰতি লালসা নাই!

চাৰিবাৰৰ বিজেপি বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ

৯ টাকৈ বেংক একাউন্টত ৩৬ লাখ টকা বিধায়ক প্ৰশান্ত ফুকনৰ

চাইন অন ডেস্ক:

ধন-সম্পত্তিৰ প্ৰতি লালসা নাই চাৰিবাৰৰ বিজেপি বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ। ২০০৬ চনৰ পৰা ধাৰাবাহিকভাৱে ডিব্ৰুগড় সদৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী প্ৰশান্ত ফুকনে গঢ়িব নোৱাৰিলে কোটি টকীয়া সম্পত্তি। হাতত জমা থকা ৯৯ হাজাৰ টকাৰে পঞ্চমবাৰৰ বাবে নিৰ্বাচন খেলিবলৈ আগবঢ়া মন্ত্ৰী প্ৰশান্ত ফুকনৰ ৯ টাকৈ বেংক একাউন্টত জমা হৈ আছে ৩৬ লাখ ৭৫ হাজাৰ ৪৬.৬৩ টকা। বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ শপতনামাত প্ৰকাশ পাইছে মন্ত্ৰী প্ৰশান্ত ফুকনৰ সম্পত্তিৰ তথ্য। কেৱল চৰকাৰী দৰমহাই আয়ৰ উৎস বুলি দাবী কৰা মন্ত্ৰী প্ৰশান্ত ফুকনে দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ ব্যৱসায়ী পত্নী জ্যোতি ফুকনৰ ৫ টাকৈ বেংক একাউন্টত জমা হৈ থকা ধনৰ পৰিমাণ হৈছে ৬ লাখ ৫১ হাজাৰ ১৭২.৪৪ টকা। অন্যহাতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ পত্নী জ্যোতি ফুকনৰ হাতত জমা আছে ৩ লাখ ৩৪ হাজাৰ ৪৪.১৫ টকা। তদুপৰি মন্ত্ৰী প্ৰশান্ত ফুকনৰ ব্যৱসায়ী পত্নীৰ নামত আছে ২২ লাখ টকীয়া এখন কিয়া কাৰ্নিভেল বাহন আৰু ৬৩ হাজাৰ টকীয়া মেষ্ট্ৰ স্কুটী। ইয়াৰ বিপৰীতে মন্ত্ৰী ফুকনৰ নামত আছে ৮ লাখ টকীয়া এখন ট্ৰেভেৰা বাহন, ৫ লাখ টকীয়া ৱেগনাৰ আৰু ১৯ লাখ টকীয়া এখন স্কৰপিঅ’ বাহন। পত্নীৰ নামত কোনোধৰণৰ সোণৰ আ-অলংকাৰ নথকাৰ বিপৰীতে মন্ত্ৰী ফুকনৰ নামত আছে ৭ লাখ ৫০ হাজাৰ টকা মূল্যৰ ৫০ গ্ৰাম সোণ। ইফালে গুৱাহাটীৰ বেলতলাত আছে ১ কঠা ৫ লোচা, ডিব্ৰুগড় ৰূপনগৰত দুটাকৈ স্থানত ক্ৰমে ১ কঠা আৰু ১ কঠা ১০ লোচা, খলিহামাৰীত ১ কঠা ১০ লোচা। যাৰ বৰ্তমান বজাৰ মূল্য ১৩,৬৭০,০০০ কোটি টকা। বাগ্মীবৰ নীলমনি ফুকন স্কুলৰ পৰা ১৯৭২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মন্ত্ৰী প্ৰশান্ত ফুকনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান ২,৭০,৫৯,৭৫২.২৫ কোটি টকা। ইয়াৰ বিপৰীতে পত্নী জ্যোতি ফুকনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান ৩৮,৪২,৭৪১.৫৯ লাখ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *