...

ৰাজহুৱা শুনানিৰ সভা বাতিল কৰাক লৈ কলিয়াবৰত তীব্ৰ প্ৰতিক্ৰিয়া

Spread the love

নগাঁওঃ নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ’ব লগা ফ’ৰলাইন পথটি নিৰ্মাণৰ ক্ষেত্ৰত কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ আহ্বান মৰ্মে শুক্ৰবাৰে দিনৰ ২ বজাত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত নগাঁও জিলা প্ৰশাসনে এখনি ৰাজহুৱা শুনানিৰ আহ্বান কৰিছিল যদিও কোনো বিশেষ কাৰণ নোহোৱাকৈ শুনানিৰ সভাখন বাতিল কৰাক লৈ কলিয়াবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।‌ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ’ব লগা ফ’ৰলাইন পথটি কুঁৱৰীটোল,হাটবৰ,জখলাবন্ধাৰ মাজৰে নিৰ্মাণ নকৰি একাংশ প্ৰভাৱশালী ব্যক্তিৰ মাটিৰ কাষেদি ফ’ৰলাইন পথটি বাইপাছ কৰি নিয়াৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

ইয়াকে লৈ কলিয়াবৰবাসী ৰাইজে তীব্ৰ বিৰোধিতা কৰি আহিছে। বিশেষকৈ উচ্চ ন্যায়লয়ে কলিয়াবৰৰ ৰাইজৰ পক্ষত ৰায় প্ৰদান কৰি পথ নিৰ্মাণৰ স্থগিতাদেশ জাৰি কৰিছিল যদিও চৰকাৰ তথা সংশ্লিষ্ট বিভাগে উচ্চ ন্যায়লয়ৰ ৰায়ক আংগুষ্ঠ প্ৰদৰ্শন কৰি পুনৰ জৰীপৰ লগতে নিৰ্মাণৰ কাম হাতত লোৱা পৰিলক্ষিত হৈছে। এনে ক্ষেত্ৰত কলিয়াবৰবাসী ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ইতিমধ্যে ফ’ৰলাইন নিৰ্মাণ দাবী সমিতিয়ে কলিয়াবৰ তিনিআলিৰ পৰা চাৰিলেন যুক্ত পথটি বাইপাছ কৰি নিৰ্মাণ কাৰ্য্যৰ কাম হাতত লোৱাৰ আপত্তি দৰ্শাই যোৱা ২৭ নবেম্বৰত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞাক এখন ৰাজহুৱা আবেদন দাখিল কৰে।

পৰৱৰ্তী পৰ্যায়ত যোৱা ৬ ডিচেম্বৰত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ফ’ৰলাইন নিৰ্মাণ দাবী সমিতিক আমন্ত্ৰণ জনায় যদিও ৰাজহুৱা শুনানি কলিয়াবৰত দিব লাগে বুলি দাবী সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীক। এনে পৰিপ্ৰেক্ষিততেই কালি দিনৰ ২ বজাত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি ৰাজহুৱা শুনানি আহ্বান কৰিছিল যদিও কলিয়াবৰৰ চক্ৰ বিষয়া ৰাজ নিচান শৰ্মাই সভাখন বাতিল হোৱা বুলি ম’বাইল যোগে ফ’ৰলেন দাবী সমিতিক জানিব দিয়ে। ইয়াকেলৈ কলিয়াবৰবাসী ৰাইজে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে।‌ ফ’ৰলাইন নিৰ্মাণ দাবী সমিতিৰ সম্পাদক প্ৰদীপ লস্কৰে ই এক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে। কোনো ধৰণৰ বিশেষ কাৰণ নোহোৱাকৈ সভাখন বাতিল কৰাত গভীৰ ৰহস্য থকা বুলি ক্ষোভ প্ৰকাশ কৰিছে সম্পাদকগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *