মাৰ্ঘেৰিটাৰ কণমানি শিশু নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য
মানৱদেহ সৰবৰাহ চক্ৰ অঞ্চলটোত সক্ৰিয় !
মাৰ্ঘেৰিটা:
সম জিলা মাৰ্ঘেৰিটাৰ পৰা কণমানি শিশু নিৰুদ্দেশক বাতৰিয়ে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।দেওবাৰে বিয়লি প্ৰায় তিনি বজাৰ পৰা অমিত ভূমিজ(০৫) নামৰ শিশু গৰাকী বৰগোলাই পঞ্চায়তৰ অন্তৰ্গত তিনি নং ৱাৰ্ডৰ নামদাঙ গাঁৱৰ পৰা নিৰুদ্দেশ হয় । চৰণ ভূমিজৰ পুত্ৰ অমিতৰ নিৰুদ্দেশক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে বিয়লি ঘৰৰ ওচৰতে খেলি থকাৰ পৰা নিৰুদিষ্ট হৈ পৰে। ঘৰৰ ওচৰে পাজৰে বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱাত নিশাই মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি প্ৰেৰণ কৰা সময়লৈকে শিশুগৰাকীৰ কোনো শুংসূত্ৰ লাভ নকৰাত উকণ্ঠাত সময় পাৰ কৰিব লগা হৈছে পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ। কোনো সদাশয় লোকে নিৰুদ্দিষ্ট শিশুগাৰকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা অথবা ৯৯৫৪৩৬১৭৫১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আজি সংবাদমাধ্যম যোগে আহ্বান জনাইছে। উল্লেখ যে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰৰ নাৰী তথা শিশু সঘনাই নিৰুদ্দেশৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত মানৱদেহ সৰবৰাহ চক্ৰ অঞ্চলটোত সক্ৰিয় থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। স্থানীয় সচতেন মহলে আৰক্ষী প্ৰশাসনক এনে দুষ্টচক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে নিৰুদিষ্টৰ সন্ধান দিবৰ বাবে দাবী জনাইছে
