উখল-মাখল পৰিৱেশ বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ অঞ্চলবাসী
উন্মোচন কৰিলে প্ৰাচীৰ পত্ৰিকা
জনকণ্ঠ জুবিন গাৰ্গকো সশ্ৰদ্ধ স্মৰণ
নাহৰ পুলি প্ৰদান কৰি অতিথিক জনালে সম্ভাষণ
ঢেকীয়াজুলিঃ পশ্চিম ঢেকীয়াজুলি অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান -“বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়”ৰ চলিত বৰ্ষৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠানটি দিনজোৰাকৈ বিবিধ কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হয় ৷ ইয়াকেলৈ বিদ্যালয়খনত পুৱাৰে পৰা এক উজ্জীৱিত তথা উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। সেই অনুসৰি পুৱা ১০ বজাত বিদ্যালয়তস্থিত স্থায়ী শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ নিবেদি শিক্ষানুষ্ঠানখনৰ উপাধ্যক্ষ হলিৰাম নাথে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে ৷ অৱসৰী কৃতি শিক্ষক তথা সাহিত্যসেৱী সৰ্বানন্দ নাথে বাৰ্ষিক অধিৱেশন উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিকৰ্মৰে প্ৰকাশিত প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে ৷
ইয়াৰ পাছতে শিক্ষানুষ্ঠানখনৰ সমূহ বিদ্যাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটি বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টক্কৰ পেগুয়ে চমু শুভেচ্ছামূলক বক্তৱ্যৰে উদ্বোধন কৰে ৷ ভিন্ন জাতি-জনগোষ্ঠীৰ লোকসংস্কৃতিৰ সমাহাৰ ঘটা শোভাযাত্ৰাটি বিদ্যালয়ৰ পৰা বৰছলা চেণ্টাৰলৈ পৰিভ্ৰমণ কৰি স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ দিনৰ ১২ বজাৰ পৰা বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভাখনি বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ শুকৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত জনকণ্ঠ জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ কৰা হয় ৷ অৱসৰী অধ্যাপক ড° নাৰায়ণ ছেত্ৰীয়ে মানৱতাবাদী শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিৰ সমুখত বন্তি প্ৰজ্বলন কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে বিদ্যাৰ্থীসকলে জুবিনৰ কালজয়ী “মায়াবিনী” গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰে ৷
বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি লিপিকা গোস্বামীয়ে মুকলি সভাখন উদ্বোধন কৰে ৷ বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা শিক্ষক লক্ষ্মণ নাথে আঁতধৰি পৰিচালনা কৰা আৰু সাধাৰণ সম্পাদক তথা ছাত্ৰ সুমন হৰিজনে আদৰণি ভাষণ দিয়া সভাখনত বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মণ্টু কুমাৰ ডেকাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰি বছৰটোৰ খতিয়ান দাঙি ধৰে ৷ সভাত জ্যেষ্ঠ সাংবাদিক-শিল্পী-লেখক তথা ৰাজহুৱা কৰ্মী সুজিৎ কটকীয়ে নিৰ্দিষ্ট বক্তাৰ প্ৰাসংগিক বক্তৱ্য তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ঢেকীয়াজুলি শাখাৰ পৰিচালক ৰূপক কুমাৰ দাসে বিদ্যাৰ্থীক উদ্দেশ্যি মুখ্য অতিথিৰ গুৰুত্বপূৰ্ণ বক্তৱ্য আগবঢ়ায় ৷ সভাৰ মাজতে স্থানীয় কেইবাগৰাকীও নেতৃস্থানীয় অগ্ৰজ ব্যক্তিক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনায় ৷
অনুষ্ঠানত সুপ্ত সাংস্কৃতিক প্ৰতিভা উজ্বলি উঠা একাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্য-গীতৰ কাৰ্যক্ৰমে বিদ্যালয় চৌহদ মুখৰ কৰি তোলে ৷ বিশেষকৈ যথেষ্টসংখ্যক ছাত্ৰীয়ে দলগতভাৱে প্ৰদৰ্শন কৰা বাৰেৰহণীয়া নৃত্যানুষ্ঠানে সকলোকে আপ্লুত কৰে ৷ উক্ত সভাতে বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে আয়োজিত ক্ৰীড়া-সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ৷ উল্লেখ্য যে বাৰ্ষিক অধিৱেশনৰ দিনটোতে চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়খনত আঠগৰাকীকৈ শিক্ষক নিযুক্তি দিয়ে আৰু এই নিযুক্তিপ্ৰাপ্ত শিক্ষককেইজনকো সমূহীয়াকৈ এটি গছপুলি প্ৰদান কৰি মঞ্চত সকলোৰে আগত চিনাকি কৰি দিয়া হয় ৷ ইপিনে শিক্ষানুষ্ঠানখনে এইবাৰ বাৰ্ষিক অধিৱেশনলৈ আমন্ত্ৰিত প্ৰতিগৰাকী অতিথিক একোটিকৈ নাহৰৰ পুলি প্ৰদান কৰি সম্ভাষণ জনায়।