লেজাই কলাখোৱা অঞ্চলৰ কেবাটাও সমস্যা সমাধানৰ দাবী
ছাত্ৰ সন্থাৰ খোৱাং সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান
*চাইন অন ডেস্ক:*
ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত খোৱাং সমজিলাৰ অধীনৰ লৰুৱা মৌজাৰ লেজাই কলাখোৱা অঞ্চলৰ কেবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দলে খোৱাং সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই খোৱাং সমজিলা আয়ুক্তৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰ খনত ছাত্ৰ সংগঠনটোৱে ডিব্ৰুগড়ৰ পৰা নামনিলৈ চেঁচা তিনি আলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই অহা বৰ্তমান নিৰ্মীয়মান চেঁচা তিনি আলি কোনোপধ্যে নিৰাপদ নহয় বুলি উল্লেখ কৰাৰ উপৰিও পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি প্ৰকাশ কৰিছে।লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম গগৈ, সাধাৰণ সম্পাদক প্ৰীতম দাসে স্বাক্ষৰিত স্মাৰক পত্ৰ খনত ছাত্ৰ সংগঠনটোৱে লেজাই কলাখোৱা অঞ্চললৈ সোমাই অহা পথটোৰ প্ৰবেশ দ্বাৰত নামনি ফালৰ পৰা নিৰ্দেশ সূচক এক কি মি দূৰৈত দিয়াৰ বাবে যানবাহনৰ যাত্ৰী সকলৰ ক্ষেত্ৰত অসুবিধা হৈ পৰিছে বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে আৰু আনহাতে লেজাই কলাখোৱা পথটো শিৱসাগৰ জিলাৰ লগত সংযোগ স্থাপনৰ বাবে দক্ষিণ ফালে ইটাখুলিত বুঢ়ীদিহিং নদীৰ ওপৰত দলং সম্পূৰ্ণ হ’লেই যানবাহনৰ চলাচলৰ সূচল হ’ব, সেয়ে লেজাই চেঁচা তিনি আলিৰ প্ৰবেশ পথৰ ওচৰলৈ স্থাপনৰ লগতে পোহৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই।লেজাইৰ পৰা গধুধৰীয়ালৈ চেঁচা নদীৰ উত্তৰ পাৰে আৰু লেজাইৰ পৰা চেঁচা মুখলৈকে চেঁচা নদীৰ দক্ষিণ পাৰে মথাউৰি নিৰ্মাণ কৰা হৈছে যদিও লেজাইৰ পৰা উজনিলৈ উক্ত চেঁচা নদীৰ দুয়ো পাৰে ৰাষ্ট্ৰীয় ঘাই পথ লৈকে আজিকোপতি বান্ধৰ ব্যৱস্থা নথকাৰ ফলত বানপানীয়ে জুৰুলা কৰি আহিছে বুলি লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ খনত উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু চেঁচা নদীৰ দুয়ো পাৰে উজনিলৈ বান প্ৰতিৰোধী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আনহাতে স্মাৰক পত্ৰ খনত চেঁচা নদীৰ দুয়ো পাৰৰ নৈৰ পাৰৰ ২২ঘৰ বাসিন্দাৰ বাবে বানৰ পৰা নিৰাপদ নিৰাময়ৰ বাবে ৰিং বান্ধ নিৰ্মাণ, ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা অঞ্চলৰ কলাখোৱাত অৱস্থিত ১৭৪৪-৫১খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা অসমৰ ভিতৰতে উল্লেখযোগ্য ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে ইতিহাসৰ স্বাক্ষৰ বহন কৰা ৰাইদঙীয়া দল আৰু পুখুৰী পোহৰৰ ব্যৱস্থা কৰা, উক্ত ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা , সৌৰশক্তি যুক্ত পোহৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ৰাইদঙীয়া দ’ল আৰু পুখুৰীৰ সংৰক্ষণ, সংবৰ্ধনৰ ক্ষেত্ৰত আনুসাঙ্গিক উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ খোৱাং সমজিলা আয়ুক্তৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই। লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই খোৱাং সমজিলা আয়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰ খনৰ জৰিয়তে লেজাই কলাখোৱা অঞ্চলৰ উল্লেখিত সমস্যাৰাজি সমাধান হ’লে লেজাই কলাখোৱা অঞ্চলৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক দিশত উন্নয়নৰ লগতে উত্তৰণ ঘটিব বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰি অতি শীঘ্ৰেই সমাধানৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।