...

বছৰৰ শেষৰ দিনত শোণিতপুৰৰ বাৰমাইল বনভোজস্থলীত সমাগম

Spread the love

বছৰৰ শেষৰ দিনত শোণিতপুৰৰ বাৰমাইল বনভোজস্থলীত সমাগম

*বালিপৰা*

২০২৫ বৰ্ষৰ শেষৰটো দিনত আনন্দেৰে এসাঁজ খাবলৈ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তবৰ্তী বাৰমাইলত লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে । সমূহীয়াকৈ মাছে-মঙহে এসাঁজ নৃত্য-গীত তথা অৰুণাচল প্ৰদেশৰ পৰা কুলু কুলু শব্দ কৰি বৈ অহা জীয়াভৰলী নৈৰ পাৰত বাৰমাইলত এসাঁজ খাই পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি এয়া ।

বনভোজস্থলীখনত আগমণ ঘটিছে শোণিতপুৰৰ লগতে নগাঁও, বিশ্বনাথ আদি ঠাইৰ বনভোজ দল । বনভোজৰ মাজতে কিছুসংখ্যকে জীয়াভৰলী নৈৰ বুকুত ৰাফটিঙৰ আনন্দও লোৱা পৰিলক্ষিত হৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *