ডিব্ৰুগড় গ্ৰন্থমেলাত চাৰি প্ৰয়াত সাংবাদিকৰ সোঁৱৰণীত চিত্ৰাংকন প্ৰতিযোগিতা
প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে মুখৰিত পৰিবেশ
চাইন অন ডেস্ক:

চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা ৩৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা লগতে সফল সামৰণি পৰে। প্ৰতিযোগিতাৰ ক’-শাখাত প্ৰথম পুৰস্কাৰ উদ্দীপ্ত কুমাৰ, দ্বিতীয় পুৰস্কাৰ অন্বেষা বিশ্বাস, তৃতীয় পুৰস্কাৰ দিব্যান দাস, চতুৰ্থ পুৰস্কাৰ নিশান বৰুৱা আৰু পঞ্চম পুৰস্কাৰ ৰুদ্ৰানী মুখাৰ্জীয়ে লাভ কৰে। আনহাতে ক’-শাখাত বিচাৰকে কৃতাৰ্থ বৰুৱা,দেবাংশী সোনোৱাল,সমীৰ ছাহাদ, নমস্য সোনোৱাল আৰু সৃষ্টিমান পাত্ৰক উদগনি মূলক পুৰস্কাৰ ঘোষণা কৰা হৈছে।
খ-শাখাৰ প্ৰথম পুৰস্কাৰ হিচাপে ধৰিত্ৰী দত্ত, দ্বিতীয় পুৰস্কাৰ সুপ্ৰতীক দে, তৃতীয় পুৰস্কাৰ লাচবি গগৈ, চতুৰ্থ পুৰস্কাৰ শুভাংশু দুৱৰা, পঞ্চম পুৰস্কাৰ ৰাগ অনুৰাগ দাসে লাভ কৰিছে। আনহাতে উদগনি মূলক ভাৱে ধৃৰ্তিমান কলিতা,ৰিছান লহকৰ আৰু গাৰ্গী খাৰঘৰীয়ালৈ ঘোষণা কৰা হৈছে। গ’-শাখাৰ প্ৰথম পুৰস্কাৰ আৰ্চিয়া দুৱৰা, দ্বিতীয় পুৰস্কাৰ প্ৰিয়াংশি ভৰলুৱা, তৃতীয় পুৰস্কাৰ হিচাপে নিশ্চিতপ্ৰাণ বৰুৱা, চতুৰ্থ পুৰস্কাৰ আৰাধিতা জি এছ বৰশইকীয়া আৰু পঞ্চম পুৰস্কাৰ জিজ্ঞাসা চাংমাই, লগতে উদগনি মূলক পুৰস্কাৰ হিচাপে খুশবু কাশ্যপ,বৈশালী নেওঁগ আৰু এঞ্জেল সিং য়ে লাভ কৰিছে।
ঘ’-শাখাৰ প্ৰথম পুৰস্কাৰ যুগান্তৰ লাহন আৰু উদগনি মূলক পুৰস্কাৰ ভানুপ্ৰীয়া উৰাংয়ে লাভ কৰিছে। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত প্ৰয়াত সাংবাদিক হেৰম্ব বৰদলৈ, সাংবাদিক হৰি বিনোদ বাৰ্মা, সাংবাদিক সঞ্জীৱ নন্দী আৰু আদিত্য শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাপতি মনজিৎ বৰা,ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট সাহিত্যিক ড° শশীকান্ত শইকীয়া আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা জেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঁই, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° লোহিত শইকীয়াই।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই আদৰণি ভাষণ দিয়া তথা
৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা খন উদ্বোধন কৰি ড° শশীকান্ত শইকীয়াই ছাত্ৰ ছাত্ৰী সকলৰ মানসিক উত্তৰোণৰ উদ্দেশ্য সাংবাদিক সংগঠনটোৱে গ্ৰহণ কৰা প্ৰদক্ষেপক আদৰণি জনাই। উদ্বোধনী অনুষ্ঠানতে ‘অনুভৱৰ পৃথিৱীত’ নামৰ কাব্যগ্ৰন্থ এখন উন্মোচন কৰে। উদ্বোধনী অনুষ্ঠানত মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকা, সাধাৰণ সম্পাদক নিৰোদ কুমাৰ দত্ত, উপ-সভাপতি জ্ঞান শৰ্মা,
জেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট ফটো সাংবাদিক সৌৰভ দুৱৰা, জেষ্ঠ সাংবাদিক বিভাস দুৱৰা,যুৱ লেখিকা অৰ্পণা ফুকন দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে বিচাৰক হিচাপে উপস্থিত থকা বিশিষ্ট চিত্ৰকৰ উত্তম শইকীয়া, ববীস্মৃতা গগৈ,দেৱকৃষ্ণ বৰুৱা আৰু হৰ্ষজিৎ সন্দিকৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
প্ৰকৃতি বিষয়ক, পৌৰাণিক কৃতিচিহ্ন আৰু প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনৰ বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া প্ৰতিযোগিতা খনৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলৰ ছবি সমুহ ‘অসম আদিত্য’ নামৰ দৈনিক বাতৰি কাকত খনত প্ৰকাশ কৰা লগতে খ-শাখাত সাংবাদিক আদিত্য শইকীয়া সোঁৱৰণী প্ৰথম পুৰস্কাৰ, খ-শাখাত সাংবাদিক সঞ্জীৱ নন্দী সোঁৱৰণী প্ৰথম পুৰস্কাৰ, গ-শাখাত ফটো সাংবাদিক হৰি বিনোদ বাৰ্মা সোঁৱৰণী প্ৰথম পুৰস্কাৰ আৰু ঘ-শাখাত সাংবাদিক হেৰম্ব বৰদলৈ সোঁৱৰণী প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হ’ব। আনহাতে ক’-শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰা উদ্দীপ্ত কুমাৰক ডিব্ৰুগড় ডাক বিভাগত এটা বিনামূলীয়া পিপিএফ একাউণ্ট খুলি দিয়া লগতে খ-শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰা ধৰিত্ৰী দত্তক সুকন্যা সমৃদ্ধি যোজঁনাৰ এটা একাউণ্ট খুলি দিয়া হ’ব। উক্ত পুৰস্কাৰ সমূহ অহা ১৯ ডিচেম্বৰত গ্ৰন্থমেলাতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব