...

নগাঁও জিলাত মুঠ ১৮৬৮ টা ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ১৫,৫১,৫৩০ গৰাকী ভোটাৰ

Spread the love

নগাঁও জিলাত মুঠ ১৮৬৮ টা ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ১৫,৫১,৫৩০ গৰাকী ভোটাৰ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অন্তৰ্গত সাতটাকৈ বিধানসভা সমষ্টিৰ বাবে ২০২৬ বৰ্ষৰ চূড়ান্ত নিৰ্বাচনী ভোটাৰ তালিকা মংগলবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ বৈঠকত জিলাখনৰ ৫৫ নং ধিং,৫৬ নং ৰূপহীহাট,৫৭ নং কলিয়াবৰ,৫৮ নং চামগুৰি,৫৯ নং বঢ়মপুৰ,৬০ নং নগাঁও-বটদ্ৰৱা আৰু ৬১ নং ৰহা (সংৰক্ষিত) বিধানসভা সমষ্টিৰ সংশোধিত তালিকাখন ৰাজহুৱা কৰে। এই বৈঠকত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে আৰু তেওঁলোকৰ সন্মুখতে নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ স্বচ্ছতাৰ দিশটো নিশ্চিত কৰি তালিকাখন মুকলি কৰা হয়। নিৰ্বাচনী কাৰ্যালয়ৰ তথ্য অনুসৰি এইবাৰ জিলাখনৰ মুঠ ১৮৬৮ টা ভোট গ্ৰহণ কেন্দ্ৰৰ জৰিয়তে সৰ্বমুঠ ১৫,৫১,৫৩০ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। লিংগভিত্তিক বিভাজনৰ দিশলৈ চালে দেখা যায় যে এই তালিকাত মুঠ ৭,৭৮,২০৮ গৰাকী পুৰুষ ভোটাৰ আৰু ৭,৭৩,২৭০ গৰাকী মহিলা ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ সমান্তৰালভাৱে সমাজৰ সকলো শ্ৰেণীৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে ৫২গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নামো এই চূড়ান্ত তালিকাত সন্নিৱিষ্ট কৰা হৈছে। বৈঠকৰ সামৰণিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথ,নিৰ্বাচনী বিষয়া, শেখৰণ ফুকন,সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া অৰুণাভ চৌধুৰীৰ উপস্থিতিত সংবাদমেলখন সম্বোধন কৰে।
সংবাদমেলত তেওঁ চূড়ান্ত ভোটাৰ তালিকাৰ সকলো কাৰিকৰী আৰু পৰিসংখ্যাগত দিশ বিশদভাৱে ব্যাখ্যা কৰাৰ লগতে সাংবাদিকসকলৰ সৈতে এক গঠনমূলক মত বিনিময়ত মিলিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *