Skip to content
বঢ়মপুৰ সমষ্টিৰ বিভিন্ন পথৰ আধাৰশিলা বিধায়ক জিতু গোস্বামীৰ
চামগুৰিঃ নৱবৰ্ষৰ দ্বিতীয় দিনটোত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ পথৰ আধাৰশিলা স্থাপন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৷ পুৱা প্ৰথমে ৰঙাগড়াৰ চাহ অধ্যুষিত অঞ্চলৰ এটা পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জিতু গোস্বামীয়ে।লোকনিৰ্মাণ পথ বিভাগৰ বঢ়মপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত ২০২৫-২৬ বৃত্তীয় SOPD-G পুঁজিৰে ৰঙাগড়া চাহ বাগিচা পথৰ লগতে ৰঙাগড়াৰ পৰা আমলখি পথৰ আধাৰশিলা কৰে বিধায়ক গৰাকীয়ে। লগতে আজিৰ অনুষ্ঠানৰ পৰাই আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ ৰণডংকা বজাই বিধায়ক জিতু গোস্বামীয়ে। উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙাগড়া টি.ই. নগাঁও জিলা (৫৯, বঢ়মপুৰ এল এ চি)ৰ ২০২৫-২৬ বৰ্ষৰ বাবে এছ অ’ পি ডি-জিৰ অধীনত মুখ্য মন্ত্ৰীৰ পথ নবীকৰণ আচঁনি (এম এম পি এন এ)ৰ অধীনত ২) ২) ২০২৫-২৬ বৰ্ষৰ বাবে এছ অ’ পি ডি-জিৰ অধীনত ৰঙাগড়ৰ পৰা কে এ ৰোডলৈ উন্নীতকৰণ ৷ বঢ়মপুৰ এল এ চিৰ অন্তৰ্গত নগাঁও জিলাত ২০২৫-২৬ বৰ্ষৰ বাবে নাবাৰ্ডৰ RIDF-XXXI ৰ অধীনত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি (MMPPNA)ৰ অধীনত চামগুৰিৰ পৰা ৰাভা গাঁও পথলৈ পথ নির্মাণ।
বঢ়মপুৰ এল এ চিৰ অন্তৰ্গত নগাঁও জিলাত ২০২৫-২৬ বৰ্ষৰ বাবে নাবাৰ্ডৰ RIDF-XXXI ৰ অধীনত মুখ্য মন্ত্ৰীৰ পকী পথ নির্মাণ আচনি (MMPPNA)ৰ অধীনত মহংবস্তী (CH. ১৮০০.০০ মিটাৰৰ পৰা ৩৭০০.০০ মিটাৰ) হৈ চামগুৰি উদমাৰী পথৰ পৰা মুঢ়ানী উদমাৰী পথলৈ পথ নির্মাণ। ২০২৫-২৬ বৰ্ষৰ বাবে এছ অ’ পি ডি-জিৰ অধীনত মহংবস্তী হৈ (CH. ০.০০ মিটাৰৰ পৰা ১৮০০.০০ মিটাৰ) চামগুৰি উদমাৰী পথৰ উন্নয়ন। ২০২৫-২৬ বৰ্ষৰ বাবে এছ অ’ পি ডি-জিৰ অধীনত বাগবৰালী ৰঙাগড়াৰ পৰা চামগুৰি উদমাৰী পথলৈ উন্নীতকৰণ। ২০২৫-২৬ বৰ্ষৰ বাবে SOPD-Gৰ অধীনত কে.এ. পথৰ পৰা ঘটিবস্তী গাঁও পথলৈ যোৱা পথ উন্নীতকৰণ। ২০২৫-২৬ বৰ্ষৰ বাবে SOPD-G ৰ অধীনত কে.এ পথৰ পৰা ঘটিবস্তি এল.পি.স্কুল পথলৈ যোৱা পথ উন্নীতকৰণ।
২০২৫-২৬ বৰ্ষৰ বাবে এছ অ’ পি ডি-জিৰ অধীনত চাপানালালৈ যোৱা পথৰ উন্নীতকৰণ।
নগাঁও জিলা ৫৯, বঢ়মপুৰ এল এ চি ৰ ২০২৫-২৬ বৰ্ষৰ বাবে SOPD-G ৰ অধীনত মুখ্য মন্ত্ৰীৰ পথ নবীকৰণ আচঁনি (MMPNA)ৰ অন্তৰ্গত পুৰণিগুদাম পাৰঘাটৰ পৰা পানীগাঁও পথলৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জিতু গোস্বামীয়ে ৷ বিয়লি নগাঁও জিলা ৫৯, বঢ়মপুৰ এল এ চি ৰ ২০২৫-২৬ বৰ্ষৰ বাবে মুখ্য মন্ত্ৰীৰ পথ নবীকৰণ আচনি (এম এম পি এন এ)ৰ অধীনত জি বি চি পথৰ তথা চলচলি মুছলিম গাঁও পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জিতু গোস্বামীয়ে ৷