...

দলগাঁৱৰ ষ্টেট বেংকত চুৰি!

Spread the love

দলগাঁৱৰ ষ্টেট বেংকত চুৰি!

এ টি এম মেচিন ভাঙি চূৰমাৰ

দলগাঁও:

ওদালগুৰি জিলাৰ অন্তৰ্গত কৌপাতী ষ্টেট বেংকত যোৱা নিশা চোৰে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লুটপাত কৰা ঘটনা সংঘটিত হৈছে । জানিব পৰা মতে কালি নিশা চোৰৰ দলে কৌপাটীত ৰাজ্যিক ঘাইপথৰ কাষতে বজাৰ অঞ্চলত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ধন লুট কৰিবলৈ চেষ্টা চলায় যদিও টকা লুট কৰিবলৈ ব্যৰ্থ হয়৷ চোৰৰ দলে বেংকটোৰ কাষতে থকা এ টি এম মেচিন এটা ভাঙিও চূৰমাৰ কৰে যদিও মেচিনত টকা নাপাই ব্যৰ্থ হয়৷ স্থানীয় ৰাইজে জানিব দিয়া মতে যোৱা দুদিনৰ পৰা উক্ত এ টি এমত নাছিল কোনো টকা৷ চোৰৰ দলে বেংকটোৰ ভিতৰত প্ৰৱেশ কৰি টকাৰ সন্ধানত বিভিন্ন বয় বস্ত লন্ডভন্ড কৰাৰ পিছত এটা জেৰক্স মেচিন, কম্পিউটাৰ মনিটৰ, প্ৰিন্টাৰ আদি সা সামগ্ৰী লৈ যায়৷ ঘটনাৰ খবৰ পাই ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে ওদালগুৰি জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে৷ তাৰোপৰি ঘটনাস্থলীত মোবাইল ফৰেনচিক এটা দল আহি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যপক তদন্ত আৰম্ভ কৰিছে৷
উল্লেখ্য যে কৌপাতী বজাৰ অঞ্চলত থকা ষ্টেট বেংকটোত কালি নিশা সন্মুখৰ গেটৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰা ঘটনাৰ পিছত কৌপাতীৰ ব্যৱসায়ী সকলে যথেষ্ট চিন্তিত হৈ পৰিছে লগতে স্থানীয় ৰাইজে কৌপাতী অঞ্চলত নিশা পহৰাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *