অসম চিকিৎসা মহাবিদ্যালয়ত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। মাত্ৰ ৯ মিনিটৰ ভিতৰত চোৰে চিকিৎসকৰ আৱাসত প্ৰৱেশ কৰি ৪ টাকৈ আলমিৰা ভাঙি লুটি নিলে সোণৰ আ-অলংকাৰসহ নগদ ধন। ইফালে এই সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈছে চিচি টিভিৰ কেমেৰাত। জানিব পৰামতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক এলেকাৰ ‘এম’ উপ-পথত কালি দিনৰ পুৱা ১১ বজাত সংঘটিত হয় ঘটনাটো। এএমচিৰ স্ত্ৰীৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ পুলক কলিতাৰ আৱাসত সংঘটিত হয় চুৰিকাণ্ডটো। কিছু সময়ৰ বাবে আৱাসৰ পৰা ওলাই যোৱা ডাঃ কলিতাই ঘৰলৈ উভতাৰ পথতে চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী সময়ত চিচি টিভি কেমেৰা পৰীক্ষা কৰাত চুৰিকাণ্ড সংঘটিত হোৱাটো নিশ্চিত হয়। লগে লগে স্থানীয় বৰবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জানিব পৰামতে, আজি পুৱা ১১.২৩ বজাত চোৰটো প্ৰৱেশ কৰি মাত্ৰ
৯ মিনিটৰ ভিতৰত চুৰিকাণ্ড সংঘটিত কৰাৰ পাছত ১১.৩২ বজাত চোৰটো প্ৰস্থান কৰিছে। চিচি টিভিত বন্দী হোৱা চুৰিকাণ্ডৰ ভিডিঅ’ ফুটেজ আৰক্ষীক গতাই দিছে চিকিৎসক ডাঃ কলিতাই। লগতে ডাঃ কলিতাই জানিব দিয়ামতে, ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা চোৰটোৱে ৬০ হাজাৰ টকা নগদ ধন আৰু প্ৰায় ২.৫০ লাখ টকা সোণৰ আ-অলংকাৰ চুৰি কৰি নিছে। ইতিমধ্যে সমগ্ৰ ঘটনা ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আনহাতে চোৰৰ ভিজুৱেল স্পষ্টভাৱে ওলাই পৰিছে যদিও এই পৰ্যন্ত চোৰটোক কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.