Skip to content অপাৰেচন সিন্দূৰৰ আৰ্হিত নিৰ্মাণ ডিব্ৰুগড়ৰ থিয়েটাৰপাড়া মালিপট্টি পূজা মণ্ডপ
জুবিনৰ ‘মায়াবিনী’ গীতেৰে শুভাৰম্ভ ডিব্ৰুগড় মাৰোৱাৰীপট্টী দূৰ্গা পূজা
চাইন অন ডেস্ক:

জুবিনৰ ‘মায়াবিনী’ গীতেৰে আজি শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ ঐতিহাসিক মাৰোৱাৰীপট্টী দূৰ্গা পূজা।আনহাতে ব্যতিক্ৰমী মণ্ডপ নিৰ্মাণেৰে প্ৰতিবছৰে মণ্ডপ নিৰ্মাণ কৰি চৰ্চাত থকা ডিব্ৰুগড় মহানগৰৰ থিয়েটাৰপাড়া মালিপট্টি পূজা মণ্ডপ এইবাৰো ব্যতিক্ৰম নহয়। ৪৫ বৰ্ষ গৰকা থিয়েটাৰপাড়া মালিপট্টি পূজা সমিতিয়ে শাৰদীয় দূৰ্গোৎসৱৰ পূজা মণ্ডপ অপাৰেশ্যন সিন্দূৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। বাহ আৰু বেতৰ লগতে চিমেন্টেৰে নিৰ্মাণ কৰা পূজা মণ্ডপত তুলি ধৰা হৈছে পেহেলগামৰ ঘটনাৰ ছৱি। তদুপৰি পেহেলগাম কাণ্ডৰ প্ৰত্যাক্ৰমণ হিচাপে ভাৰতীয় সামৰিক বাহিনীয়ে চলোৱা অপাৰেশ্যন সিন্দূৰকো সুন্দৰ ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে মণ্ডপত। ইফালে নাৰী শক্তিক মূল আধাৰ হিচাপে লৈ ভাৰত মাতাৰ কাষত সামৰিক বাহিনীৰ দুই মহিয়সী নাৰী তথা অপাৰেশ্যন সিন্দুৰক সন্মুখৰ পৰা নেতৃত্ব দিয়া কৰ্ণেল ছফীয়া কুৰেশ্বী আৰু ভূমিকা সিঙৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছে। আজি মহাষষ্ঠীত বেদীত দেৱী দূৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাছতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে পূজা অৰ্চনা। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত থিয়েটাৰপাড়া মালিপট্টি পূজা সমিতিয়ে সকলোধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ কথা জানিবলৈ দিছে। অৱশ্যে আধ্যাত্মিকতাৰ জৰিয়তে পূজা অনুষ্ঠিত কৰিব বুলিও জনাইছে উদ্যোক্তাসকলে। আনহাতে জুবিন গাৰ্গক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ জুবিনৰ প্ৰতিছৱিও ৰখাৰ ব্যৱস্থা কৰিছে। অতি মনোমোহা এই মণ্ডপটোৱে এইবাৰ ডিব্ৰুগড়বাসীৰ বাবে বিশেষভাৱে বিশেষত্ব হিচাপে হিচাপে চিহ্নিত হৈ থাকিব বুলি আশা কৰিব পাৰিব। উল্লেখযোগ্য যে, ডিব্ৰুগড়ত এইবাৰ ১২০ খনৰো অধিক পূজি অনুষ্ঠিত হৈছে।