নগাঁৱৰ ধিঙৰ কাছখাটিত ট্ৰিপল মাৰ্ডাৰ,পত্নীসহ দুই কন্যাক হত্যা
নগাঁও,
নগাঁও জিলাৰ ধিঙৰ কাছখাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এক পাৰিবাৰিক কন্দলৰ ফলশ্ৰুতিত ধিঙৰ কাছখাটি অঞ্চলত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড। এই ঘটনাত পিতৃ এমদাদুল ইছলামে পত্নী তাজমিনা খাতুন আৰু নিজৰ দুই সন্তান দিলহান হাছান আৰু আৰহান হাছানক নৃশংসভাৱে হত্যা কৰে। ইয়াকে লৈ ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে স্থানীয় লোকে এই নৃশংস কাণ্ডৰ বাবে শোক আৰু ক্ষোভ প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য মতে,এই হত্যাকাণ্ডটো পাৰিবাৰিক কন্দল আৰু মতানৈক্যৰ ফলত সংঘটিত হৈছে বুলি ৰাইজে জনাইছে। পৰিয়ালটোত দীৰ্ঘদিন ধৰি চলি অহা বিবাদে যোৱা নিশা চৰম ৰূপ লয় আৰু এমদাদুল ইছলামে ক্ৰোধত অন্ধ হৈ এনে এক নৃশংস কাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে । নিজৰ পৰিয়ালটো শুই থকা অৱস্থাত হত্যাকাৰী এমদাদুলে কুঠাৰেৰে ঘপিয়াই পত্নী আৰু দুই কন্যা দিলহান হাছান আৰু আৰহান হাছানক আক্ৰমণ কৰে । পত্নী তাজমিনা খাতুন আৰু দুই সন্তান টোপনিত থকা অৱস্থাতে এই আক্ৰমণৰ সন্মুখীন হয় । যাৰ ফলত তেওঁলোকৰ মৃত্যু হয় । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ধিং আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। নিশা ২ বজামানত সংঘটিত এই হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ ধিং অঞ্চল । ইফালে ঘটনা সংঘটিত কৰাৰ পিছত ৰাইজে হত্যাকাৰী এমদাদুলক আটক কৰি ৰছীৰে বান্ধি থয়। পাছত ধিং আৰক্ষীয়ে এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰি প্ৰাথমিক স্বীকাৰোক্তি লাভ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হত্যাৰ ধৰণ আৰু অস্ত্ৰৰ বিষয়ে অধিক স্পষ্টতা আহিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে । স্থানীয় লোকে এই ঘটনাৰ ন্যায় বিচাৰ দাবী কৰিছে আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে । তদন্তৰ অগ্ৰগতিৰ লগে লগে অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে । ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকে কয়,”ৰাতি দুটা বজাত আমি পূৰা হাল্লা শুনি আহিছোঁ। আহি দেখিছোঁ এনেকুৱা ঘটনা। সি (হত্যাকাৰী) কৈ আছে যে মানুহ তিনিজন মাৰিলোঁ,আমাৰ পৰিয়াল মাৰিলোঁ। তাৰ পিছত সি কুঠাৰেৰে গ্ৰিলখন ভাঙিলে। ভাঙি কৈছে যে তহঁতে এতিয়া চা। এইবুলি কৈ সি এইফালে গুচি যাব ধৰিছিল,তাৰ পিছত আমি ধৰি তাক বিন্ধিছোঁ। বান্ধি উঠি পুলিচক দিছোঁ। কি হৈছিল এইটো আমি ক’ব নোৱাৰিম । আমি হাল্লাটো শুনি চোৰ আহিছে বুলি ভাবি আহিছোঁ । আহি দেখোঁ যে মাৰ্ডাৰ হৈছে ।”