...

চোৰৰ সন্দেহত ৰাইজে আটক কৰি আৰক্ষীক গটালে দুই যুৱকক

Spread the love

চোৰৰ সন্দেহত ৰাইজে আটক কৰি আৰক্ষীক গটালে দুই যুৱকক

উত্তপ্ত পৰিস্থিতি

চাইন অন ডেস্ক:

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নগৰবেৰা হিন্দু-মুছলিম সমাজে চোৰৰ সন্দেহত আটক কৰি আৰক্ষীক গটালে দুই যুৱকক ,এজনৰ পলায়ন ,ধৃত এজনৰ পৰা জব্দ কৰা হয় এপাত সোণৰ কাণফুলি।
বৃহস্পতিবাৰৰ সন্ধিয়া শতাধিক ৰাইজে ঘেৰাও কৰিলে অভিযুক্ত এজনৰ ঘৰ আনকি ঘৰৰ মুল দুৱাৰখনত তলা ওলমি থকা দেখি ৰাইজে এডাল দীঘল বাঁহ বাৰণ্ডাৰ লো’ৰ ৰেলিং’ৰ ফাঁকেৰে সুমুৱাই ঘৰৰ দুৱাৰ পৰ্যন্ত খোলে।সমাজৰ পুৰুষ-মহিলা সকলোৱে পলায়ন কৰা জনৰ ঘৰলৈ গৈ চোৰ বিচাৰি চলাথ কৰে।অভিযুক্ত যুৱক তিনিজনৰ দুজনক উত্তম-মধ্যম শোধাই আৰক্ষীক গটাই দিয়ে যদিও দলটিৰ আন এজন সদস্য পলাই যাবলৈ সক্ষম হয়।উল্লেখ্য যে বিগত কেবামাহ ধৰি বৃহত্তৰ নগৰবেৰা অঞ্চলত চোৰৰ তাণ্ডৱ বাঢ়িছে ,নিশা শান্তি বিঘ্নিত হৈছে ৰাইজৰ ,তেনেস্থলত এই দলটি অঞ্চলটোৰ চুৰিকাণ্ড বোৰৰ সতে জড়িত থকাৰ অনুমান ৰাইজৰ।আগলৈ এই চুৰি চক্ৰটি উৎখাত কৰাৰ লগতে চুৰিকাণ্ড ৰোধ কৰাত আৰক্ষীক অধিক তৎপৰ হোৱাৰ দাবী ৰাইজৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *