তেজষ্ক্ৰিয় বিকিৰণ ! চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰসংঘ।ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰমাণৱিক কেন্দ্ৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ যেন আমেৰিকা আৰু ইজৰাইল বদ্ধপৰিকৰ হৈ পৰিছে।
তাৰ পাছত সোমবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত ইজৰাইলে আক্ৰমণ কৰে। দেওবাৰে সন্ধিয়া এক বিবৃতিত পেন্টাগনে কয় যে তেওঁলোকৰ এই অভিযানৰ লক্ষ্য ইৰাণৰ ৰাজনৈতিক গাঁথনি বা শাসন ব্যৱস্থা সলনি কৰা নহয়।
ৰাষ্ট্ৰপতি (ট্ৰাম্প)য়ে তেওঁলোকৰ পাৰমাণৱিক উচ্চাকাংক্ষাক অক্ষম কৰাৰ সংকল্পৰে নিখুঁত আক্ৰমণৰ অনুমোদন দিছিল। উল্লেখ্য যে, ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰি থকাৰ তথ্য আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত বহুবাৰ প্ৰকাশ পাইছিল। কিন্তু ই প্ৰমাণিত হোৱা নাছিল।