...

অৰুণাচলৰ মেচুকাত টাগিন জনজাতিৰ চি দঞি উৎসৱ পালন

Spread the love

অৰুণাচলৰ মেচুকাত টাগিন জনজাতিৰ চি দঞি উৎসৱ পালন

প্ৰতি বছৰে ৪ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ পালন

*চাইন অন ডেস্ক:*

’২৬ টা প্ৰধান জনজাতি আৰু শতাধিক উপ-জনজাতিৰ বৰ্ণাঢ্য সংস্কৃতিৰে চহকী ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ। এই জনজাতিসমূহে যুগ যুগ ধৰি সুদৃঢ় বান্ধোন আৰু মিলাপ্ৰীতিৰে একেলগে বাস কৰি আহিছে। কিন্তু সমাজৰ অধিক উন্নতিৰ বাবে ৰাজ্যৰ সকলো সম্প্ৰদায়ৰ মাজৰ সম্পৰ্কবোৰ আৰু দৃঢ় কৰাৰ প্ৰয়োজনীয়তা আজি দেখা দিছে।’  জিএলবিকে ৰ সভাপতি আৰু চিয়’মি জিলাৰ উপায়ুক্ত টাংগে লোৱায়ে মেচুকা চি দঞি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ দ্বাৰা আয়োজিত চি দঞি উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই দৰে কয়। লোৱাই লগতে উল্লেখ কৰে যে চি দঞিৰ দৰে উৎসৱে সকলো সম্প্ৰদায়ৰ একত্ৰীকৰণ আৰু সাংস্কৃতিক বিনিময়ৰ এক আদৰ্শ মাধ্যম হিচাপে কাম কৰে। চি দঞি উৎসৱ অৰুণাচলৰ টাগিন জনজাতিৰ আটাইতকৈ ডাঙৰ জনজাতীয় উৎসৱ। উৎসৱৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অৰুণাচল প্ৰদেশৰ বাণিজ্য

দপ্তৰৰ  মন্ত্ৰী ন্যাট’ ডুকমে কয় যে উৎসৱ কেৱল গীত-নৃত্যৰেই নহয়, ইয়াৰ জৰিয়তে সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাকো প্ৰদৰ্শন কৰা হয়। টাগিন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰি এই উৎসৱৰ আয়োজন কৰাত মন্ত্ৰী গৰাকীয়ে আয়োজকসকলৰ পৰিশ্ৰমৰ ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে টাগিনসকলে বিশ্বাস কৰে যে “চি আৰু দঞিক বুজিবলৈ হলে শাৰীৰিক বা আক্ষৰিক অৰ্থত কেৱল পৃথিৱী আৰু সূৰ্যৰ সৈতে সীমাবদ্ধ নাথাকি, আধ্যাত্মিক দিশৰ পৰাও বিবেচনা কৰিব লাগে। শাৰীৰিক অস্তিত্বতকৈ বেছি ইয়াৰ আধ্যাত্মিক দিশটোহে টাগিনসকলে উপাসনা কৰে। চি হৈছে সে’চিং (পৃথিৱী)-ৰ দেৱী, আৰু দঞি (সূৰ্য) হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ দেৱতা, আৰু তেওঁলোকেই সৰ্বোচ্চ কৰ্তৃত্বশীল – সৰ্বশক্তিমান, সৰ্বব্যাপী আৰু সৰ্বজ্ঞ। সে’চিং (পৃথিৱী)-ৰ প্ৰতিটো জীৱৰ ভাগ্য নিৰ্ধাৰণ কৰে চি আৰু দঞিয়ে। সেয়ে, মানৱজাতি আৰু সকলো জীৱৰ কল্যাণ কামনা কৰি প্ৰাৰ্থনা আগবঢ়োৱা হয় আৰু ধৰ্মীয় উৎসাহেৰে টাগিনসকলে চি-দঞিৰ যুটিলৈ উপাসনা কৰে। চি-দঞি হিল’ মূলতঃ এক হিল’ কিনাম

(সকলোৰে মঙ্গলৰ বাবে টাগিনসকলৰ আটাইতকৈ উচ্চ স্তৰৰ ৰীতি)। ইয়াক বছৰি ড্ৰা আপ’ (ডিচেম্বৰৰ পৰা মাৰ্চলৈ হোৱা শীতকাল)ত পৰিয়াল আৰু গোষ্ঠী পৰ্যায়ত পৰম্পৰাগতভাৱে পালন কৰা হয়। ৰাজহুৱাভাৱে চি-দঞি প্ৰতি বছৰে ৪ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ পালন কৰা হয়। মানৱজাতি আৰু অন্যান্য জীৱৰ কল্যাণৰ উপৰিও, ভূমিকম্প, ভূমিস্খলন, দুৰ্ভিক্ষ, মহামাৰী, দুৰ্ঘটনা, অস্বাভাৱিক মৃত্যু আদি প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস বা প্ৰতিৰোধৰ বাবেও ইয়াত প্ৰাৰ্থনা কৰা হয়। একে সময়তে, শান্তি, সমৃদ্ধি, সুখ, সন্তান জন্মদান আৰু সুখী পৰিয়ালৰ ধাৰাবাহিকতাৰ বাবেও প্ৰাৰ্থনা কৰা হয়। উৎসৱৰ সময়ত, মানুহৰ বিৰুদ্ধে দুষ্ট আত্মাসমূহৰ অপকাৰী কাৰ্য্য আৰু সিহঁতৰ পশু-পক্ষী আৰু শস্য নষ্ট কৰাৰ পৰা ৰক্ষা কৰিবলৈ দেৱী চি- দেৱতা দঞিক সন্তুষ্ট কৰিবলৈ পুৰোহিতে মন্ত্ৰোচাৰণ কৰে। উৎসৱস্থলীত আদৰণি ভাষণ প্ৰদান কৰে অধিবক্তা টাছাং জিবঙে, আনহাতে উৎসৱ পালনৰ পৌৰাণিক কাহিনী ব্যাখ্যা কৰে উদযাপন  সমিতিৰ সভাপতি পেনজৰ ৰায়ে। অনুষ্ঠানত টাগিন সকলৰ পৰম্পৰাগত নৃত্যই শীতৰ মাজতো উমাল কৰি তোলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *