ডিব্ৰুগড়ত বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেণ সিংহক সাৰস্বত সন্মান প্ৰদান সাৰস্বত ন্যাস পৰিষদৰ
চাইন অন ডেস্ক:
সংস্কৃতিৰ প্ৰতি মই এগৰাকী আকলুৱা ব্যক্তি হিচাপে মই প্ৰায়ে প্ৰকৃতিৰ সুৰৰ মাজত মজি থাকোঁ৷ কাৰণ প্ৰতিটো মুহূৰ্ততে প্ৰকৃতিয়ে সুৰৰ সৃষ্টি কৰে৷ এই সুৰৰ মাজত বিৰল আৱেগ থাকে৷ এই সুৰৰ মাজতে কেতিয়াবা কান্দো আৰু কেতিয়াবা আনন্দ লাভ কৰো৷ সৃষ্টিৰ মাদকতাও সুৰৰ পৰাই অৰ্জন কৰো৷ প্ৰকৃতিয়ে মোক সদায় মানসিক গতি প্ৰদান কৰি আহিছে৷ বিহুগীতৰ মাজতো এক সুকীয়া সুৰ থাকে৷ এই সুৰৰ স্তৰ বিশ্বৰ যিকোনো উচ্ছ স্তৰৰ গীতি-কবিতাৰ সুৰৰ ফেৰ মাৰিবপৰা পৰ্যায়ৰ৷ এই বক্তব্য অসমৰ বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেণ সিংহৰ৷ আজি ডিব্ৰুগড়ত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদে প্ৰদান কৰা ন্যাসৰ সৰ্বোচ্ছ সন্মান ‘সাৰস্বত সন্মান ২০২৪’ গ্ৰহণ কৰি এইদৰে কয়৷ ন্যাসৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মাহপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকাৰ পৌৰোহিত্যত এই উপলক্ষ্যে প্ৰথিতযশা সাহিত্যিক নগেন শইকীয়াৰ বাসগৃহ ‘আশ্ৰয়’ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘এজন ভাস্কৰ্য শিল্পীৰ আত্মকথা’ শীৰ্ষক বিষয়ক ভাষণ প্ৰদান কৰি শিল্পীগৰাকীয়ে নিজৰ জীৱনৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰি কয় যে অষ্টম শ্ৰেণীতেই ঘৰৰ পৰা আঁতৰি এক অন্তৰ্মুখী যাত্ৰা আৰম্ভ কৰিছিলো৷ কথা নোকোৱাকৈ বহুদিন কটাইছিলো৷ লাহে লাহে চিত্ৰ জৰিয়তে নিজৰ ক’বলগাবোৰ কৈছিলো৷ কাৰ্বি পাহাৰৰ জনজীৱনৰ স’তে একাত্ম হৈ পৰিছিলো৷ তেওঁলোকৰ স’তে এক বেলেগ ভাষাত ভাৱৰ আদান-প্ৰদান কৰিছিলো৷ শিল্পী জীৱনটোক গতি দিয়াৰ ক্ষেত্ৰত কাৰ্বি পাহাৰৰ বিশিষ্ট নেতা জয়ন্ত ৰংপি আৰু ছমসিং হান্সেৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কাৰ্বি আংলঙক ‘কেনভাছ’ত পৰিণত কৰি দিয়াৰ যি প্ৰচেষ্টা সেয়া এসময়ত প্ৰতিদান লাভ কৰি জীৱনৰ আত্ম পৰিচয় লাভ কৰো৷ শিল্পীগৰাকীয়ে কয় যে আমি জীৱনটো ভালকৈ চাব নেজানো, চাবলৈ নিশিকো৷ জীৱনটো এক সাধাৰণ বা তাকৰ সময়৷চিন্তা আৰু চেতনা থাকিলেহে আত্মাই সাৰ পাই উঠি এক সম্পৰ্ক বিচাৰে যাক আমি আত্মিক সম্পৰ্ক বুলি কওঁ৷ আত্মাই এখন ঠাই বিচাৰে৷ সেইটো মোৰ ভিতৰত থকাৰ বাবে মই নিজকে গৌৰৱবোধ কৰো৷ কাৰণ দেশখনক ভাল পাবলৈ আমাৰ ভূমি-আমাৰ প্ৰকৃতিক ভাল পোৱাটো হৈছে পূৰ্বচৰ্ত৷ ড॰ নগেন শইকীয়াৰ লগতে তেওঁৰ সৃষ্ট ‘মিতভাষ’ৰ উচ্ছ প্ৰশংসা কৰি এগৰাকী মৰমিয়াল, নিৰহংকাৰী বিশাল ব্যক্তিত্বৰ ব্যক্তিত্বৰ আন কোনো মানুহ জীৱনত দেখা নাই বুলিও ভাষণত ভাস্কৰ্য শিল্পী গৰাকীয়ে উল্লেক কৰে৷ আৰম্ভণিতে সাৰস্বত ন্যাসৰ দাত্ৰী তথা নগেন শইকীয়াৰ সহধৰ্মিণী লাৱণ্য শইকীয়াৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পিছতে ন্যাসৰ সম্পাদক বীৰেন বৰুৱাই ন্যাসৰ কাম-কাজৰ লগতে ন্যাসৰ শীৰ্ষ ব্যক্তি নগেন শইকীয়াৰ অসুস্থতাৰ হেতু অনুষ্টুপীয়াকৈ নিজা বাসগৃহত আয়োজনৰ কথা উল্লেখ কৰে৷ ইয়াৰ পিছতেই সাহিত্যাচাৰ্য ড॰ কৰবী ডেকা হাজৰিকাই শিল্পী বীৰেণ সিংহৰ জীৱন-কৃতী সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ ন্যাসৰ তৰফৰ পৰা শিল্পী বীৰেণ সিংহক ফুলৰ থোপা, অংগবস্ত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উক্ত সভাতেই ড॰ নগেন শইকীয়াৰ নৱতম গ্ৰন্থ ‘অতীতেই মোৰ ঘৰ’ উন্মোচন কৰে ড॰ কৰবী ডেকা হাজৰিকাই৷ অনুষ্ঠানত উপস্থিত থাকি ড॰ নগেন শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ভালপোৱ এগৰাকী ব্যক্তি হৈছে বীৰেণ সিংহ৷ ছবিয়ে কথা কয়-এই আপ্ত বাক্য যেন তেওঁৰ সৃষ্টিত বিৰাজমান৷ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তকে আমি ছবি বুলি ভাৱিব পাৰো৷ জীৱনটো কেৱল যাপন কৰিবলৈ নহয় আনকো দিবৰ বাবেই যেন তেওঁৰ সৃষ্টিৰাজি৷ তেওঁৰ ছবিবোৰৰ মাজত কেৱল আজিৰেই নহয় কাইলৈৰ ছবিখনো পোৱা যায়৷ তেওঁৰ দৰে সৃষ্টিশীল মানুহৰ মন এটাৰ কেতিয়াও মৃত্যু নহয়৷ তেওঁক মোৰ সদায় চুই চাবৰ মন যায়, মৰম কৰিবৰ যেন মন যায়৷ অনুষ্ঠানত হীৰেণ সিংহৰ পত্নী মামনী সিংহ, বিশিষ্ট লেখক ভৰত সন্দিকৈ, প্ৰহৰী অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি ডাঃ শান্তনু লহকৰ, সম্পাদক দীপা গোস্বামী, বিশিষ্ট সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ, প্ৰকাশ গগৈ, ন্যাসৰ কোষাধ্যক্ষ গৌতম শইকীয়া, প্ৰচাৰ সচিব ৰতন হাজৰিকা, সংযোজক ড॰ মন্দিৰা বৰঠাকুৰ শইকীয়া, সদস্য দেৱীপ্ৰসাদ বাগড়োদিয়া, সদস্যা গায়ত্ৰী বৰুৱা, দিলীপ তামুলী, শান্তনু বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে
