গহনা শ্ব ৰুমত দিন দুপৰত ডকাইতি
৫ কোটি টকাৰ সোন আৰু হীৰাৰ গহনা ডকাইতি
মহীচুড়ঃ স্থানীয় ব্যৱসায়ী সমাজক স্তম্ভিত কৰি দিন দুপৰতে এক ডকাইতিৰ ঘটনা সংঘটিত হৈছে মহীচুড়ত। দেওবাৰে বিয়লি সংঘটিত এই ঘটনাত প্ৰায় ৫ কোটি টকাৰ সোনৰ গহনা লৈ উধাও হয়।মহীচুড়ত হুন্সুৰ বাছ ষ্টেণ্ডৰ সমীপৰ স্কাই গোল্ড এণ্ড ডাইমণ্ডছ শ্ব’ৰুমৰ পৰা পাঁচজনীয়া অস্ত্ৰধাৰী আৰু মুখা পিন্ধা ডকাইতৰ দলে প্ৰায় ৫ কোটি টকাৰ গহনা লুটপাত কৰে।
দুপৰীয়া ১:৩০ বজাৰ পৰা ২:০০ বজাৰ ভিতৰত মটৰ চাইকেলেৰে আহি উপস্থিত হৈ আগ্নেয়াস্ত্ৰ দেখুুৱাই শ্ব’ৰুমত ধুমুহাৰ দৰে প্ৰৱেশ কৰে। কৰ্মচাৰী আৰু গ্ৰাহকক ভয় খুৱাবলৈ তেওঁলোকে ষ্ট’ৰৰ ভিতৰত গুলীচালনা কৰে।বন্দুকৰ গুলীত শ্ব’ৰুমৰ মেনেজাৰ আজহাৰক লক্ষ্য কৰি লোৱা হয় যদিও ৰহস্য জনক ভাবেই পলায়ন কৰে।দহ মিনিটৰ ভিতৰতে দলটোৱে পলায়নৰ পূৰ্বে ডিছপ্লে কাউণ্টাৰৰ পৰা প্ৰায় পাঁচ কিলোগ্ৰাম সোণ আৰু হীৰাৰ অলংকাৰ নিবলৈ সক্ষম হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ডকাইতকেইটাই হিন্দী ভাষাত কথা পাতিছিল আৰু সকলো ধৰণৰ প্ৰতিৰোধ ৰোধ কৰিবলৈ দুয়ো হাতত বন্দুক লৈছিল।মটৰ চাইকেলেৰে পলায়ন কৰাৰ সময়তে স্থানীয় লোকে তেওঁলোকক খেদি যোৱাৰ সময়ত বাধা দিবলৈ শূণ্যলৈ গুলীচালনা কৰে।পলায়নৰ খৰখেদাত গেংটোৰ এজন সদস্যই নিজৰ হেলমেট এৰি থৈ যায়, যিটোৱে গুৰুত্বপূৰ্ণ ফৰেনছিক প্ৰমাণ দিব পাৰে বুলি আৰক্ষীয়ে বিশ্বাস কৰে।