পুনৰ প্ৰতিবাদৰ কেন্দ্ৰ স্থলীত পৰিণত উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ।উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ চৰম স্বেচ্ছাচাৰীমূলক নীতিত অতিষ্ঠ হৈ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰতিবাদ। জ্বলিল শিক্ষামন্ত্ৰী প্ৰতিমূৰ্তি।বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ নামত হৈ থকা ব্যাপক অনিয়ম, বিশ্ববিদ্যালয় প্ৰশাসনৰ স্বেচ্ছাচাৰী স্থিতি তথা পুনৰবাৰ মাছুল বৃদ্ধিৰে বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মূৰত মাৰ সোধোৱাৰ প্ৰতিবাদত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত ৩৬ ঘণ্টীয়া অনশন “* ৰ কাৰ্যসূচী।
প্ৰতিবাৰতে, প্ৰায়সংখ্যক সিদ্ধান্ত লোৱাৰ সময়ত সময়ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, বিভাগীয় প্ৰতিনিধিসকলৰ কোনো ধৰণৰ মতামত নোলোৱাকৈ প্ৰশাসনে কেৱল দমন নীতিৰে স্বৈৰচাৰীমূলক শাসন চলোৱাৰ কাৰ্যক ধিক্কাৰ জনাইছে। আনহাতে এই দাবীৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বিষয়টো শিক্ষামন্ত্ৰীলৈ ঠেলি দিয়াত শিক্ষা মন্ত্ৰীয়ে আলোচনা বাবে নিমন্ত্ৰণ জনাই স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলক নিশা অভদ্ৰ আচৰণ কৰা অভিযোগ। সভাপতি আচিছ ভূষণ গগৈ আৰু সাধাৰণ সম্পাদক মাধুৰ্য্য বৰা সহ দলটোক। ইয়াৰ পাছতে অত্যধিক উত্তেজিত হৈ পৰে ছাত্ৰ ছাত্ৰী সকল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা প্ৰতিনিধি দলক শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে তুচ্ছ তাচিল্য কৰাৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজ গৰজি উঠিল।পুৱাতে জ্যোতি বাটচ’ৰাৰ সন্মুখত শিক্ষামন্ত্ৰী গৰাকীৰ বিৰুদ্ধে পুত্তলিকা দাহ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে।ইয়াৰ পিছতে বিশ্বিবিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালে এক আলোচনাত মিলিত হয় প্ৰতিবাদকাৰী শিক্ষাৰ্থী সকলৰ সৈতে।আলোচনা শেষাান্তত পঞ্জীয়ক গৰাকীয়ে শিক্ষাৰ্থী সকলক শিক্ষামন্ত্ৰী গৰাকীৰ ওচৰত ক্ষমা খুুজিবলৈহে কোৱাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলেহে শিক্ষাৰ্থীৰ দাবী সমূহ মানি লোৱা হ’ব বুলি অৱগত কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে কাৰ্যত সহজ ভাৱে ল’ব পৰা নাই ছাত্ৰ একতা সভাই। আনহাতে ইয়াৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ কাইলে আহিব ৰাজ্যৰ ৰাজ্যপাল। বিশ্ববিদ্যালয় সমাবৰ্তনত অংশগ্ৰহণ কৰিবলৈ অহা অৱস্থাত প্ৰতিবাদৰ সন্মুখীন হ’ব পাৰে ৰাজ্য পাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গৰাকী।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.