...

“ৰাষ্ট্ৰপতিৰ ভাষণত সামুদ্রিক খণ্ডৰ দ্ৰুত উন্নয়ন আৰু ৰূপৰেখাৰ লগতে অভ্যন্তৰীণ জলপথৰ সন্দৰ্ভত স্পষ্ট নীতি নিৰ্দেশনা প্ৰতিফলিত হৈছে” : সৰ্বানন্দ সোণোৱাল

Spread the love

“ৰাষ্ট্ৰপতিৰ ভাষণত সামুদ্রিক খণ্ডৰ দ্ৰুত উন্নয়ন আৰু ৰূপৰেখাৰ লগতে অভ্যন্তৰীণ জলপথৰ সন্দৰ্ভত স্পষ্ট নীতি নিৰ্দেশনা প্ৰতিফলিত হৈছে” : সৰ্বানন্দ সোণোৱাল

 

“বন্দৰ আৰু লজিষ্টিকছত কেন্দ্ৰীভূত বিনিয়োগে ভাৰতক বিশ্বৰ সামুদ্রিক প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আমাৰ চৰকাৰৰ দীৰ্ঘম্যাদী নীতিগত দৃষ্টিভংগী প্রতিফলিত কৰে” : সোণোৱাল

নতুন দিল্লী:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ৰাষ্ট্ৰপতিৰ সংসদত প্ৰদান কৰা ভাষণক দূৰদৰ্শী আৰু ঐতিহাসিক বুলি অভিহিত কৰিছে, যিয়ে চৰকাৰৰ দীৰ্ঘম্যাদী
নীতি আৰু দূৰদৰ্শী প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে| ভাৰতৰ সামুদ্রিক খণ্ড, অন্তর্দেশীয় জলপথ আৰু নীল অর্থনীতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে বিশেষ অগ্ৰাধিকাৰ দিয়ে বুলি সোণোৱালে উল্লেখ কৰে ৰাষ্ট্ৰপতিয়ে কয় যে বিশ্বমানৰ লজিষ্টিক আৰু জাহাজ পৰিবহণ সক্ষমতা গঢ়ি তোলাৰ লক্ষ্যৰে দেশৰ জলপথ খণ্ডক এক নতুন গতি প্ৰদান কৰা হৈছে|
“মাননীয়া ৰাষ্ট্ৰপতি দ্রৌপদী মুমু ডাঙৰীয়ানীৰ ভাষণে এনডিএ চৰকাৰৰ
অটল প্ৰতিশ্ৰুতিক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে| ভাৰতৰ সামুদ্রিক খণ্ড, অন্তর্দেশীয় জলপথ আৰু নীল অর্থনীতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ
চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক তেখেতে গুৰুত্ব আৰোপ কৰিছে| ৰাষ্ট্ৰীয় জলপথৰ সম্প্ৰসাৰণ, জাহাজ পৰিবহণ নীতিৰ সংস্কাৰ আৰু বন্দৰ আৰু লজিষ্টিকত কেন্দ্রীভূত বিনিয়োগে চৰকাৰৰ দীৰ্ঘম্যাদী নীতি আৰু দূৰদৰ্শী দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে, যিয়ে ভাৰতক বিশ্বৰ সামুদ্রিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব, বহনক্ষম উন্নয়ন বৃদ্ধি, নিয়োগ সৃষ্টি আৰু আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰিব,” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে|
সোণোৱালে কয় যে- ৰাষ্ট্ৰীয় জলপথৰ সম্প্ৰসাৰণ আৰু প্ৰধান নীতিগত
সংস্কাৰে লজিষ্টিক, বাণিজ্য আৰু উপকূলীয় জীৱিকাক নতুন ৰূপ দিছে| বাজেট অধিবেশনৰ আৰম্ভণিতে সংসদত ভাষণত ৰাষ্ট্ৰপতিয়ে কয় যে বিগত দশকত অন্তর্দেশীয় জল পৰিবহণ পৰিকাঠামোৰ বিকাশত ভাৰতে যথেষ্ট অগ্রগতি লাভ কৰিছে।
“কেন্দ্ৰীয় চৰকাৰে অন্তৰ্দেশীয় জলপথৰ বিকাশৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে| পূৰ্বতে ভাৰতত মাত্ৰ পাঁচটা ৰাষ্ট্ৰীয় জলপথ আছিল, যি এতিয়া ১০০ৰো অধিক হৈছে,” ৰাষ্ট্ৰপতিয়ে কয়| তেওঁ কয় যে এই সম্প্ৰসাৰণে পূব ভাৰতৰ ৰাজ্যসমূহ – উত্তৰ প্ৰদেশ, পশ্চিমবঙ্গ আৰু বিহাৰকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লজিষ্টিক হাব হিচাপে উদ্ভাসিত হোৱাত সহায় কৰিছে, ৰে’ল আৰু ৰাস্তাৰ ওপৰত যাতায়াতৰ চাপ হ্ৰাস কৰিছে আৰু পৰিবহণৰ খৰচ কমাইছে।
ৰাষ্ট্ৰপতি মুমুৱে ক্রুজ পর্যটনত দেশৰ ক্ৰমবৰ্ধমান ভূমিকাকো উজ্জ্বল কৰি তুলিছে আৰু আঞ্চলিক অর্থনীতি ত্বৰান্বিত কৰিছে| “ক্রুজ পর্যটনে নদী আৰু উপকূলৰ ওচৰৰ অঞ্চলসমূহত পৰ্যটন বৃদ্ধি কৰি স্থানীয় অর্থনীতিক শক্তিশালী কৰিছে, ” তেওঁ কয় |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণে চৰকাৰৰ উন্নয়নমুখী অগ্ৰাধিকাৰ আৰু ভৱিষ্যতৰ নীতিগত দিশ প্ৰতিফলিত কৰিছে| “আজি সংসদৰ বাজেট অধিবেশন ৰাষ্ট্ৰপতিৰ প্ৰেৰণাদায়ক ভাষণেৰে আৰম্ভ হৈছে আমাৰ সংসদীয় পৰম্পৰাত এই ভাষণৰ বিশেষ গুৰুত্ব আছে, কিয়নো ই আগন্তুক মাহবোৰত আমাৰ ৰাষ্ট্ৰৰ উন্নয়নমূলক যাত্ৰাক পৰিচালিত
কৰিবলগীয়া নীতিগত দিশ আৰু সংকল্পক প্ৰতিফলিত কৰিব, প্ৰধানমন্ত্রী মোদীয়ে ছ’চিয়েল মিডিয়াত প্রতিক্রিয়া প্রকাশ কৰে| তেওঁ যোগ কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণে ভাৰতৰ শেহতীয়া দ্রুত উন্নয়নৰ পথ প্ৰতিফলিত কৰিছে আৰু ভৱিষ্যতৰ বাবে ৰোডমেপ উল্লেখ কৰিছে।
ৰাষ্ট্ৰপতিয়ে কয় যে উপকূলীয় মীনজীৱীসকলক অর্থনৈতিক সুবিধা প্রদান আৰু সাগৰীয় সম্পদ ব্যৱহাৰৰ বাবে নতুন নীতি প্ৰণয়ন কৰা হৈছে|
ৰাষ্ট্ৰপতিয়ে কয় যে প্রায় ৭০,০০০ কোটি টকাৰ গুৰুত্বপূৰ্ণ পেকেজৰ জৰিয়তে জাহাজ পৰিবহণ খণ্ডৰ বাবে, ডাঙৰ জাহাজসমূহক আন্তঃগাঁথনিগত মর্যাদা প্ৰদান কৰি আৰু পুৰণি সামুদ্রিক আইনসমূহ সংস্কাৰ কৰি এক নতুন দিগন্তৰ সূচনা কৰা হৈছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ বাবে সামুদ্রিক বিকাশৰ কৌশলগত গুৰুত্বক প্ৰতিফলিত কৰিছে|
সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সূচনা হোৱা অভ্যন্তৰীণ জলপথ বিপ্লৱৰ সন্দৰ্ভত আলোকপাত
কৰাৰ বাবে মাননীয়া ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্রৌপদী মুর্মু ডাঙৰীয়ানীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ| বিগত দশকৰ পূৰ্বে ৫টা ৰাষ্ট্ৰীয় জলপথ থকাৰপৰা আজি দেশত ১০০টাতকৈও অধিক ৰাষ্ট্ৰীয় জলপথ পুনৰুজ্জীৱিত কৰাৰ বাবে আমি
নিৰন্তৰ কাম কৰি আছোঁ| এই সম্প্ৰসাৰণে পূব ভাৰতৰ একাধিক ৰাজ্যৰ বাবে অৰ্থনৈতিক উন্নয়নৰ নতুন ইঞ্জিন হিচাপে কাম কৰি আছে, নতুন লজিষ্টিক হাবলৈ ৰূপান্তৰিত কৰিছে| ক্রুজ আৰু উপকূলীয় পৰ্যটন বৃদ্ধিয়ে স্থানীয় অর্থনীতিৰো উন্নতি সাধন কৰিছে| মাননীয় প্রধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি আমাৰ নদীসমূহৰ সম্পূৰ্ণ সুযোগ-সম্ভাৱনা মুকলি কৰিবলৈ আৰু নীল অর্থনীতিক আগুৱাই নিবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ।”

Leave a Reply

Your email address will not be published. Required fields are marked *