...

কলিয়াবৰত পৰিলক্ষিত হ’ল বিপৰীত ছবি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত

Spread the love

কলিয়াবৰত পৰিলক্ষিত হ’ল বিপৰীত ছবি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত

তিনি গৰাকী ব্যক্তিক সম্বৰ্ধনা

নগাঁও

 

 

 

 

 

সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰীভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে নগাঁও জিলাৰ কলিয়াবৰত পৰিলক্ষিত হ’ল এখন বিপৰীত ছবি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে। বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবছৰ সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱী সকলে। ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাৱে নিজাববীয়াকৈ অনুষ্টুপীয়া ভাৱে‌ হ’লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাৱত। প্ৰাক্তন সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৭০’ৰ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠক প্ৰেছ ক্লাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধৃত কেইজন হৈছে–প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক গুণীন হাজৰিকা,‌ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সলিল কুমাৰ মিত্ৰ আৰু জ্যেষ্ঠ বাতৰি কাকতৰ পঢ়ুৱৈ ভোলানাথ গোস্বামী। সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত গুণীন হাজৰিকাই ১৯৫৫ চনৰে পৰা চাহ বাগিচাৰ আৱাসী হৈ থকা কালতে পিতৃয়ে ডাকত অনা ‘সাপ্তাহিক অসম বাণী’ কাকতৰে সংযোগ স্থাপন কৰা বাতৰিকাকতৰ বাতৰিৰ নিৰ্ভৰযোগ্যতা আৰু সম্পাদকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱলোকন কৰে। আন গৰাকী সম্বৰ্দ্ধৃত সলিল কুমাৰ মিত্ৰয়ে সাংবাদিকসকলৰ কৰণীয়ৰ বিষয়ে অৱগত কৰি কয় যে তৰোৱালতকৈ কলম শ্ৰেষ্ঠ,সেয়ে সাংবাদিকসকলে বাতৰিৰ গ্ৰহণযোগ্যতাৰ বিষয়ে সদা সচেতন হোৱা উচিত। সম্বৰ্ধৃত ভোলানাথ গোস্বামীয়েও বৈদ্যুতিন মাধ্যমৰ বাতৰিৰ বহুল প্ৰসাৰে বাতৰি কাকতৰ পাঠক হ্ৰাস হোৱা বিষয়ে চিন্তা প্ৰকাশ কৰে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল হাজৰিকা,অতুল দাস, দিলীপ বৰদলৈ,প্ৰভাত বৰা,নৰেন হাজৰিকা, নীলমণি শইকীয়া,বসন্ত দাস,নিকুমণি ভাগৱতী,জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী দাস মুক্তিয়াৰকে প্ৰমুখ্য কৰি ৰাইজ তথা প্ৰেছ ক্লাৱৰ সদস্যসকল উপস্থিত থাকে। উল্লেখ্য যে যি সয়য়ত সমগ্ৰ দেশৰ লগতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছে তেনে সময়তে কলিয়াবৰ সম জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন নকৰি গ্ৰহণ কৰা উদাসীন আৰু নিলিপ্ত ভূমিকাক উপস্থিত ৰাইজে একে মুখে ধ্বিকাৰ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *