*মʼবাইল-ইণ্টাৰনেটৰ যুগত বিলুপ্ত নানাৰঙী গ্রীটিংছ কার্ডখন*
গ্ৰীটিংছ কাৰ্ডৰ স্থান ল’লে Facebook,WhatsApp,Instragram ,Twitter,Massengerৰ মেছেজে*
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন*
আৰু কেইটিমান ঘণ্টাৰ পাছতে বিদায় লʼব ২০২৫ বৰ্ষই,আৰম্ভ হʼব ইংৰাজী নৱবর্ষ ২০২৬৷ নতুন বছৰৰ আগমনত পুলকিত হৈ পৰিছে প্রতিজনৰে মন৷ এনে সময়তে মনলৈ আহে তেতিয়াৰ নানাৰঙী গ্রীটিংছ কার্ডখনৰ কথা ৷ কোনো বন্ধু-বান্ধৱী বা আত্মীয়ই পঠোৱা গ্রীটিংছ কার্ডখন ডাকোৱালে লৈ আহে আৰু আমাৰ হাতত তুলি দি যায়৷ কিন্তু এতিয়া মʼবাইল-ইণ্টাৰনেটৰ যুগত ই বিলুপ্ত ৷
কেনেকৈ আহিছিল গ্ৰীটিংছ কাৰ্ড
গ্ৰীটিংছ কাৰ্ডৰ ইতিহাসৰ কথা ক’বলৈ গ’লে এই ইতিহাস বহু পুৰণি ৷ কোৱা হয় যে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ জন্মদাতা বুলি ইংলেণ্ডৰ যোছেফ চি হʼৰ্চলি (Joseph C Horshley ) নামৰ লোকজনকে কোৱা হয় ৷ ১৮৪৩ চনত যোচেফে তেওঁৰ প্ৰিয়বন্ধু ছাৰ হেনৰী ক’ললৈ (১৮০৮-১৮৮২) বৰদিনৰ শুভেচ্ছা জনাবলৈ আঁকি দিয়া কাৰ্ডখনকে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ প্ৰথম বুলি আখ্যা দিয়া হয়৷ ৫.৫ ইঞ্চি দৈৰ্ঘ্যৰ আৰু ৩.৫ ইঞ্চি প্ৰস্থৰ এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল ”A Merry Christmass and A Happy New Year”. প্ৰথম মহাসমৰৰ (১৯১৪-১৯১৮) সময়ৰ পৰা গ্ৰীটিংছ কাৰ্ডৰ ব্যৱহাৰ দ্ৰুতগতিত আৰম্ভ হয় ৷ তাৰ মূখ্য কাৰণ হ’ল সৈনিক সকলে ঘৰৰ পৰা দূৰৈত অজান দেশ,অজান ঠাইত যুদ্ধত লিপ্ত থাকিবলগীয়া হৈছিল৷ সেয়েহে বৰদিন,নতুন বছৰ আদিত সৈনিকসকলে ঘৰৰ মানুহ, আত্মীয়-স্বজন,বন্ধু-বান্ধবীক সুৱঁৰি আৰু তেওঁলোকলৈ মৰম-শুভেচ্ছা গ্ৰীটিংছ কাৰ্ড
যোগে পঠিয়াবলৈ লয়৷ দ্বিতীয় মহাসমৰে (১৯৩৯-১৯৪৫) এই পৰম্পৰা বহুগুণে বঢ়াই তোলে ৷ ফলত সমগ্ৰ বিশ্বতে গ্ৰীটিংছ কাৰ্ড অধিক জনপ্ৰিয় হ’বলৈ ধৰে ৷ সময় বাগৰিছে, স্মৃতিৰ মণিকোঠাত এতিয়াও সজীৱ হৈ আছে নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ইজনে আনজনক দিয়া গ্ৰীটিংছ কাৰ্ডৰ কথা৷ এটা প্ৰজন্মৰ যেন আৱেগৰ নাম আছিল এই গ্ৰীটিংছ কাৰ্ড৷ মনত সাঁচি থোৱা সকলো কথা লিখি শুভেচ্ছা দিয়া হৈছিল এই কাৰ্ডৰ জৰিয়তে ৷ সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে৷ সামাজিক মাধ্যমৰ প্ৰচলনৰ পূৰ্বে প্ৰিয়জনলৈ এই গ্ৰীটিংছ কাৰ্ডত লিখা হৈছিল একলম৷ প্ৰিয়জনৰ একলমৰ বাবে পদূলিলৈ গৈ ডাকোৱালক অপেক্ষা কৰা সেই দিনবোৰ এতিয়া হেৰাই গ’ল৷ এতিয়া দোকানৰ কোনোবা এচোকত হয়টো পৰি আছে এই গ্ৰীটিংছ কাৰ্ড৷এতিয়া হেৰাই গৈছে সেই মাদকতা। সময় বাগৰাৰ লগে লগে গ্ৰীটিংছ কাৰ্ডৰ স্থান ল’লে Facebook,WhatsApp, Instragram,Twitter,Massengerৰ মেছেজে৷ ছʼচিয়েল মিডিয়াৰ যুগত যেন হেৰাই গৈছে গ্ৰীটিংছ কাৰ্ডৰ অস্তিত্ব নৱবৰ্ষৰ শুভেচ্ছা এতিয়া কেৱল যেন মʼবাইলৰ স্ক্ৰীণতে সীমাৱদ্ধ হৈ ৰৈছে। এটা ক্লিক,এটা বাৰ্তা আৰু শ শ লোক সংযোগ হৈ পৰে। কিন্তু এই দ্ৰুতগতিত চলি থকা ডিজিটেল জগতখনত এসময়ত নৱবৰ্ষৰ আৰম্ভণি হোৱা গ্ৰীটিংছ কাৰ্ডৰ স্মৃতিবোৰ যেন আজিৰ দিনত ক’ৰবাত যেন পিছ পৰি ৰৈছে । সময় সলনি হৈছে,প্ৰযুক্তিৰ উন্নতি হৈছে,কিন্তু আৱেগৰ সেই লেহেমীয়া,শিথিল প্ৰকাশ বিৰল হৈ পৰিছে। দুই-তিনি দশকৰ আগতে যেতিয়া অপেক্ষা কৰাটো এটা উদযাপন আছিল, তেতিয়া নৱেম্বৰ বা ডিচেম্বৰ অহাৰ লগে লগে বজাৰত ৰঙীন গ্ৰীটিংছ কাৰ্ডৰে ভৰি পৰে। মানুহে নিজৰ আপোনজনৰ বাবে কাৰ্ড বাছি লৈছিল কেইবা সপ্তাহ আগতেই। ডাকোৱালৰ পৰা অহা প্ৰতিটো খামৰ বাবে অপেক্ষা কৰাটো এটা উদযাপনৰ দৰে অনুভৱ হৈছিল। ডাকোৱালৰ চাইকেলৰ ঘণ্টাটো শুনিলেই আশা জাগি উঠিব যে হয়তো এইবাৰ বিশেষ কোনোবা এজনৰ বাৰ্তা আহিল। সম্পৰ্কবোৰত প্ৰেমৰ উন্মাদ শব্দবোৰত বাস কৰিছিল আৱেগ আৰু অনুভূতি। সেই সময়ত কাৰ্ডৰ ভিতৰত লিখা শব্দবোৰ কেৱল আনুষ্ঠানিক শুভেচ্ছাই নাছিল বৰঞ্চ বন্ধুৰ প্ৰতি বন্ধুত্ব,আপোনজনৰ প্ৰতি প্ৰেম আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান—এই সকলোবোৰ হাতে লিখা অনুভৱেৰে কাগজত লিখা হৈছিল। আজিৰ ডিজিটেল বাৰ্তাবোৰ হয়তো নিমিষতে যিকোনো ব্যক্তিলৈ পঠিয়াব পৰা যায়,কিন্তু হাতেৰে লিখা আৱেগৰ ভাববোৰ কোনো স্ক্ৰীণত প্ৰকাশ কৰিব পৰা নাযায় ।