বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত আটকধুনীয়া মূল ভৱন উন্মোচন
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
অসমৰ শিক্ষা খণ্ডক এক সুদৃঢ় ভেটি প্ৰদান কৰাৰ লক্ষ্যৰে আজি ৰাজ্যজুৰি এক বিশাল আন্তঃগাঁথনি উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি XXIXৰ অধীনত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৬৭টা নৱনিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন কৰাৰ লগতে আন ৬২টা বিদ্যালয় ভৱনৰ শিলান্যাস কৰা হয়। এই বৃহৎ প্ৰকল্পৰ অংশস্বৰূপে কামৰূপ মহানগৰ জিলাৰ
সোণাপুৰত অনুষ্ঠিত মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত আটকধুনীয়া মূল ভৱনটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি শৰ্মাই প্ৰগতিৰ পথত আপোনালোক মূল স্তম্ভ। এই নৱনিৰ্মিত গৃহত পঢ়া শুনা কৰি গৌৰৱবোধ কৰিব। আপোনালোকে ভবিষ্যতৰ সফল নাগৰিক হিচাপে জীৱন যাত্ৰাত একাগ্ৰতাৰে আগবঢ়ি যাওক। ডাঙৰ ডাঙৰসপোন দেখিবা, সপোন দেখাটো ভুল নহয় বুলি বক্তব্য আগবঢ়ায়। খাগৰিজান
আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাণা বৰাই “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব সহকাৰে শৈক্ষিক দিশত যি কাৰ্য্যপন্থা হাতত লৈছে,তাৰ ফলত শিক্ষা ক্ষেত্ৰখনত অভুতপূৰ্ব পৰিবৰ্তন পৰিলক্ষিত হৈছে,ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন যাত্ৰাত সফলতা লাভ কৰিব বুলি প্ৰকাশ কৰে। অসম চৰকাৰৰ গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনিৰ অধীনত ত্ৰিবেনী কনষ্ট্ৰাকছনৰ তত্বাৱধানত নিৰ্মাণ হোৱা এই নতুন ভৱনটোত আধুনিক শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। বিদ্যালয়খনত ১৩টা শ্ৰেণীকোঠা,এটা ডিজিটেল স্মাৰ্ট ক্লাছ,এটা পুথিভঁৰাল আৰু
৫ টাকৈ বিজ্ঞানাগাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি অধ্যক্ষ,উপাধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে শৌচালয় সংলগ্ন সুকীয়া কোঠাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু বিশেষভাৱে সক্ষম সকলৰ বাবে পৃথক শৌচালয়ৰ সু-ব্যৱস্থা কৰা হৈছে। আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ স্মাৰক আৰু বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰি এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশৰ সূচনা কৰা হয়। শিক্ষক গুণমনি কলিতাই সামগ্রিকভাৱে আঁত ধৰা এই অনুষ্ঠানত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত,বটদ্ৰৱা থানৰ শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়ন,বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা হীৰামণি বৰুৱাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল আৰু বহু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।