...

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকক আকৰ্ষণৰ নতুন চেষ্টা

Spread the love

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকক আকৰ্ষণৰ নতুন চেষ্টা

নগাঁও,

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ’ল এক নতুন সংযোজন ম’হৰ গাড়ী আৰু ঘোঁৰা গাড়ী৷ পৰ্যটকৰ বাবে এই সেৱা আৰম্ভ হোৱাৰ লগে লগে উদ্যানখনেও লাভ কৰিলে আন এক পৰিচয়। এই সেৱা সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নিৱন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিকি গগৈয়ে।

অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰি শান্তনু বৰঠাকুৰে কয় যে বাহিৰৰ পৰা অহা পৰ্যটকে অৰ্কিড উদ্যানত সোমাই অসমখনৰ এক আভাস পায়৷ তাৰ লগতে এক অংশ হিচাপে ম’হৰ গাড়ী,ঘোঁৰাৰ গাড়ীৰ এই সংযোগে পৰ্যটকক আকৰ্ষিত কৰিব।‌ অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে আমাৰ পুৰণিকলীয়া ম’হৰ গাড়ী,ঘোঁৰা গাড়ী পৰ্যটকৰ বাবে আজিৰে পৰা অৰ্কিড উদ্যানত আৰম্ভ কৰা হৈছে।

ইয়াত গৰু গাড়ীও থাকিব৷ কাজিৰঙাৰ পৰ্যটনত নতুন নতুন সংযোজন কৰাৰ প্ৰয়াস কৰি অহা হৈছে। উদ্যানৰ তৰফৰ পৰা পৰ্যটকৰ বাবে পাহাৰ বগোৱা, চাইকেল চলোৱা আৰু চৰাই চোৱাৰ ব্যৱস্থাও আৰম্ভ কৰা হ’ব৷ সেই সমূহ পৰ্যটন কাৰ্যসূচীত অসমৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই বিধায়ক গগৈয়ে কয় যে কেৱল গঁড় দেখুৱাই পৰ্যটনক আমি ৰাখিব নোৱাৰোঁ৷ অসমৰ পৰ্যটনক নতুন ধৰণে পৰ্যটকক গ্ৰাম্য জীৱনৰ সোৱাদ দিবলৈ বিভিন্ন প্ৰয়াসেৰে কৃষি পৰ্যটন, গ্ৰাম্য পৰ্যটন আদি কৰিবলৈও আগবাঢ়িছোঁ৷ উল্লেখ্য যে কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্ৰ্যময় সংস্কৃতি দাঙি ধৰাৰ চেষ্টা কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *