...

খাগৰিজান মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ‌ দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন

Spread the love

খাগৰিজান মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ‌ দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন

নগাঁও

 

 

 

 

 

নগাঁৱৰ আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত ৰবিবাৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খাগৰিজান মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰমেশ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত তেখেতে ২০২৫ বৰ্ষত মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক ভৱিষ্যৎ জীৱনত কৃতকাৰ্যতা লাভৰ বাবে সঠিক দিশেৰে অধ্যয়ন কৰিবৰ বাবে আদৰণি ভাষণ প্ৰসংগত আহ্বান জনায়। অনুষ্ঠানত মুখ্য অতিথি উপস্থিত থাকি নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নগাঁও ছোৱালী মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন সমন্বয়ক শৰৎ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে বিশ্ববিদ্যালয়খনে বাধাৰ প্ৰাচীৰ নেওচি শিক্ষাৰ্থী সকলৰ মাজৰ সামাজিক ব্যৱধান হ্ৰাস কৰি সকলো শ্ৰেণী আৰু বয়সৰ লোকক গুণগত উচ্চ শিক্ষা প্ৰদান কৰি আহিছে। তদুপৰি তেখেতে মত প্ৰকাশ কৰে এইখন বিশ্ববিদ্যালয়ৰ অধ্যয়ন কৰি শিক্ষাৰ্থীসকলে বিভিন্ন চৰকাৰী চাকৰিত মকৰল হোৱাৰ উপৰিও বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ জীৱনত প্ৰতিষ্ঠা লাভ কৰিছে। অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক চাওঁ কটং লুংকিঙে উদ্দেশ্য বাখ্যা আগবঢ়োৱা অনুষ্ঠানত মহাবিদ্যালয়ৰ IQACৰ মুখ্য সমন্বয়ক ৰাইহানুল আহমেদ,শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° দীপক কুমাৰ চৰকাৰ আৰু জুৰীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক বাহাৰুল ইছলাম আৰু মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে

Leave a Reply

Your email address will not be published. Required fields are marked *