Skip to content সুধাকণ্ঠৰ জন্ম শতবৰ্ষত গুইজান ঘাটৰ পৰা ফ্লেগ-অফ ‘বিস্তীৰ্ণ পাৰৰে’ শীৰ্ষক সংগীতময় জাহাজ যাত্ৰা
তিনিচুকীয়াৰ গুইজান আৰু ডিব্ৰুগড়ৰ বগীবিলৰ জাহাজ ঘাটত বৰ্ণাঢ্য কলা-সংস্কৃতিৰে ভাৰত ৰত্ন ভূপেন হাজৰিকাক স্মৰণ
চাইন অন ডেস্ক:
সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত বৰ্নাঢ্য আয়োজন কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ৰ। ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত আজিৰ পৰা ‘বিস্তীৰ্ণ পাৰৰে শদিয়াৰপৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা’ শীৰ্ষক এক অভিনৱ কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজি তিনিচুকীয়াৰ গুইজান ঘাটৰপৰা ফ্লেগ-অফ হোৱা মহাবাহু ব্ৰহ্মপুত্ৰকেন্দ্ৰিক জাহাজ যাত্ৰা তথা সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। শদিয়াৰ পৰা ধুবুৰীলৈ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ স্মৃতিত চলিবলগীয়া ‘বিস্তীৰ্ণ পাৰৰে’ শীৰ্ষক এই জাহাজ যাত্ৰাত অন্তৰ্ভুক্ত আছে এটা মিউজিকেল বেণ্ড, যিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ পৰিৱেশন কৰিব ভূপেন হাজৰিকাৰ কালজয়ী গান। আজি গুইজান ঘাটত অনুষ্ঠিত ফ্লেগ-অফ অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আদৰণি ভাষণ দিয়ে চিত্ৰলেখা দুৱৰা সুনাই। অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত পদ্মশ্ৰী দুলাল মানকি, ধৰ্মেন্দ্ৰ বৰুৱা, কাজল দেৱ আদিয়ে সংগীত অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটিত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া আদি উপস্থিত থাকে।আনহাতে বিয়লি গুইজানৰ পৰা ডিব্ৰুগড়ত ‘বিস্তীৰ্ণ পাৰৰে’ জাহাজখনে বগীবিলত প্ৰৱেশ কৰাৰ পাছত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হয়। অনুষ্ঠানক কেন্দ্ৰ কৰি কুইজ, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত সমৰ হাজৰিকা, চৈয়দ ছাদুল্লা, লোহিত গগৈ, হৃষীকেশ গোস্বামী, মহাৰাষ্ট্ৰৰ ৰাগিনী কাভাথেকাৰৰ ভিডিঅ’ শুভেচ্ছা প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মৰাণ, মটক, চাহ জনগোষ্ঠী, সোণোৱাল কছাৰী, হাজং, চুতীয়া আদি বিভিন্ন জনগোষ্ঠীৰ পৰা ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই অনুষ্ঠান পৰিৱেশন কৰা হয়। যশস্বী গায়িকা নীলাক্ষী নেওগে ভূপেন হাজৰিকাৰ সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈ, ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক প্ৰবীণ বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ বাৰ্তাত কয়, ভাৰত ৰত্ন, সুধাকণ্ঠ ড°ভূপেন হাজৰিকাই ভাৰতী আইৰ এক সুযোগ্য সন্তান, যাৰ হৃদয়স্পৰ্শী কণ্ঠ আৰু অমূল্য সৃষ্টিসম্ভাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চলৈ লৈ গৈছিল। সুধাকণ্ঠৰ সমন্বয়ৰ সাংগীতিক পৰিক্ৰমা দেশবাসীৰ বুকুত প্ৰতিধ্বনিত হৈ ৰ’ব চিৰকাল। ভূপেনদাৰ মোহনীয় ব্যক্তিত্ব, সুৰীয়া কণ্ঠত তিৰবিৰাই উঠিছিল দেশপ্ৰেমৰ অম্লান চেতনা, ভাৰতীয়ই বিশ্ব জয় কৰাৰ সপোন গাথা। ভাৰতৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰাজিৰ যোগেদি প্ৰতিধ্বনিত হৈ আহিছে একতা, মানৱতা আৰু ভাতৃত্ববোধৰ বাৰ্তা। অসমৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ লহৰেৰে বিশ্ব মঞ্চত চিনাকি কৰাই দিয়া ভূপেনদা প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। সংগীত সূৰ্যৰ জন্ম শতবৰ্ষ উদযাপনৰ এই গৌৰৱময় ক্ষণত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। গংগা-ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ পাৰৰ অগণন জনতাৰ বলিষ্ঠ কণ্ঠ ভূপেনদাৰ অমৰ সৃষ্টিৰাজি, জীৱন দৰ্শন আৰু সুৰৰ মূৰ্চ্ছনা দেশবাসীৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ভূপেনদাই বহু অমৰ সৃষ্টি কৰি থৈ গৈছে। বিস্তীৰ্ণ পাৰৰে শীৰ্ষক শদিয়াৰ পৰা ধুবুৰীলৈ এই জাহাজ যাত্ৰাই সমন্বয়ৰ জয়গানেৰে ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিক উদযাপন কৰিব আৰু নতুন প্ৰজন্মৰ মাজত ভূপেনদাৰ চৰ্চা, প্ৰসাৰ ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ
ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত বিস্তীৰ্ণ পাৰৰেঃ শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতিধ্বনিত হৈ আহিছে মানৱতা আৰু সমন্বয়ৰ জয়গান। সাম্য-মৈত্ৰী, ঐক্যৰ বাৰ্তা প্ৰতিফলিত কৰি ভূপেনদাই সৃষ্টি কৰা কালজয়ী গীতসমূহ অসমীয়া জাতিৰ অফুৰন্ত প্ৰেৰণাৰ উৎস। অসমৰ সামাজিক-সাংস্কৃতিক জীৱন গাথাক সংগীতৰ মধুৰ লহৰেৰে বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়া সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উলহ-মালহেৰে উদযাপন কৰা হ’ব। ভূপেনদাৰ গীতে-মাতে প্ৰাণ পাই উঠিছিল মহাবাহু ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ দুয়োপাৰৰ জনগণৰ সুখ-দুখৰ অনুভূতি, জীৱনৰ বিচিত্ৰ দৃশ্য। তেখেতৰ গীতসমূহে অসমৰ লোক-সংস্কৃতিৰ প্ৰতিফলন ঘটোৱাৰ লগতে মানৱতা, সমতা আৰু সামাজিক ন্যায়ৰ কথা প্ৰকাশ কৰিছিল আৰু বিশ্ব ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰিছিল। ভূপেন হাজৰিকাদেৱৰ বৰলুইতৰ বিশালতাৰ দৰে অতুলনীয় জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজিয়ে অসম তথা ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত পৰিচিত কৰাইছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ৰ ধ্বজাবাহক, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি “বিস্তীৰ্ণ পাৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা” শীৰ্ষক অভিনৱ জাহাজ যাত্ৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভূপেনদাৰ স্মৃতিত শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ পাৰৰ জাতি-জনগোষ্ঠীক সামৰি আৰম্ভ হোৱা লুইতৰ বুকুৱেদি এই জাহাজ যাত্ৰাক কেন্দ্ৰ কৰি প্ৰতিফলিত হ’ব বৰ্ণাঢ্য কলা-সংস্কৃতি।