...

আজিৰে পৰা অভেলত পঞ্চম তথা অন্তিম টেষ্ট

Spread the love

আজিৰে পৰা অভেলত পঞ্চম তথা অন্তিম টেষ্ট

শৃংখলা ৰক্ষাৰ যুঁজত নামিব টীম ইণ্ডিয়া

দ্য অভেল:

এণ্ডাৰছন-তেন্ডুলকাৰ টুফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজি দ্য অভেলত অনুষ্ঠিত হ’ব। শৃংখলাটোত পৰাজয়ৰ হাত সাৰিবলৈ আজিৰে পৰা আৰম্ভ হোৱা টেষ্টখন টীম ইণ্ডিয়াৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে। ইতিমধ্যে শৃংখলাটোত ঘৰুৱা দল ইংলেন্ডে ১২-১৩ অগ্রগতি লাভ কৰি আছে। গতিকে ইংৰাজ বাহিনীয়ে শৃংখলা হেৰুওৱাৰ কোনো শংকা নাই। তাৰ পৰিৱৰ্তে অভেল টেষ্টত ভাৰতীয় দলটোৰ বাবে জয় অনিবার্য। মেচখনত পৰাস্ত হ’লেই শৃংখলাটো হেৰুৱাব শুভমন গিল বাহিনীয়ে।
অভেল টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এক সুখবৰ। অধিনায়ক বেন ষ্ট’কছৰ লগতে তাৰকা পেচ বলাৰ জ’ফ্ৰা আৰ্চাৰ, ব্রাইডন কাৰ্ছ আৰু লিয়ান ড’ছন অবিহনে টেষ্টখনত ভাগ ল’ব ইংৰাজ বাহিনীয়ে। ইয়াৰ সুযোগ গ্ৰহণ কৰি ভাৰতীয় দলটোৱে অভেল টেষ্টত জয়ৰ লক্ষ্য লৈছে। অৱশ্যে টেষ্টখনত ভাৰতীয় দলটোৱে তাৰকা পেচৱলাৰ যশপ্রীত বুমৰাহ অবিহনে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। তাৰকা পেচবলাৰগৰাকী সন্দর্ভত আজি অধিনায়ক গিলে কয় যে আজি পুৱাহে বুমৰাহৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব।
অৱশ্যে গুৰুত্বপূৰ্ণ টেষ্টখনত ভাৰতীয় দলটোৱে তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পন্ট অবিহনে নামিব। আঘাতৰ বাবে পণ্টে অভেল টেষ্টৰ পৰা বাদ পৰিছে। ইফালে টেষ্টখনত অভিষেক ঘটাৰ সম্ভাৱনা আছে তামিলনাডুৰ উইকেটকীপাৰ এন জগদীশনৰ। পণ্টৰ স্থান পূৰাবৰ বাবে জগদীশনক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে। ইফালে আঘাতৰ বাবে চতুর্থ টেষ্টত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকা তাৰকা পেচবলাৰ আকাশদীপে, অভেল টেষ্টত বুমৰাহৰ স্থানত খেলাৰ পূৰ্ণ সম্ভাৱনা আছে।
তৃতীয়গৰাকী পেচবলাৰৰ বাবে যুঁজ চলিব প্রসিদ্ধ কৃষ্ণ আৰু অৰ্শদীপ সিঙৰ মাজত। দুর্দান্ত প্ৰদৰ্শন দাঙি ধৰি মানচেষ্টাৰত অনুষ্ঠিত চতুৰ্থখন টেষ্ট ড্র খেলি সম্প্রতি ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ মনোবল তুংগত আছে। কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া অন্তিমখন টেষ্টতো সতীৰ্থসকলৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰি অধিনায়ক গিলে কয় যে মানচেষ্টাৰত সতীর্থসকলে দেখুওৱা চমকপ্রদ প্রদর্শনে সতীৰ্থসকলৰ মনোবল বহুখিনি বৃদ্ধি কৰিছে। দ্য অভেল টেষ্টক লৈ সতীর্থসকল আত্মবিশ্বাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *