আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি ধুবুৰীস্থ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এজন লোকে লণ্ডভণ্ড কৰাৰ এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নিজৰ পৰিয়ালৰ নাম ডি-ভোটাৰ ৰূপে ভোটাৰ তালিকাত সন্নিবিষ্ট হোৱাক লৈ ক্ষুব্ধ লোকজনে এই দুষ্কাৰ্য সংঘটিত কৰে। তাৎপৰ্যপূৰ্ণ ভাবে আজিৰ ঘটনা সন্দৰ্ভত আনুষ্ঠানিক ভাবে মুখ খুলা নাই কাৰ্যালয়টোৰ বিষয়া অথবা কোনো এগৰাকী কৰ্মচাৰীৰ। অৱশ্যে জানিব পৰা মতে,আজি পুৱা কাৰ্যালয় খুলাৰ লগে লগে উপস্থিত হোৱা আব্দুল ৰছিদ নামৰ সেই ব্যক্তিজনে কাঠৰ বাটাম এটাৰে এখন দুৱাৰৰ গ্লাচ ভাঙি চূৰমাৰ কৰে। কিন্তু তাতে ক্ষান্ত নাথাকি তিনিটাকৈ কম্পিউটাৰো ভাঙে লোকজনে। ইপিনে অকষ্মাতে সংঘটিত হোৱা ঘটনাত কাৰ্যালয়টোত উপস্থিত থকা দুই/তিনিগৰাকী কৰ্মচাৰীয়ে কিংকৰ্তব্যবিমুঢ় হৈ পৰে আৰু ততাতৈয়াকৈ আৰক্ষীক খৱৰ দিযে। ঘটনাটো অৱগত হৈ তৎমূহুৰ্ততে ধুবুৰী সদৰ থানাৰ এটা দলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়টোত উপস্থিত হয় আৰু লোকজনক কৰায়ত্ত কৰি লৈ যায়। ধৃত লোকজনৰ ঘৰ ধুবুৰী জিলাৰ পাণবাৰীত বুলি প্ৰকাশ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.