ডিব্ৰুগড়ত নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হব
বিজেপিৰ প্ৰশান্ত ফুকন আৰু অজাপৰ মাইনাক পাত্ৰ
চাইন অন ডেস্ক:

বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ। তাৰ মাজতে কোনে ক’ত টিকেত পাব নাপাব তাক লৈয়ো সৰৱ চৰ্চা এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰে বাহিৰে। উজনি অসমৰ অন্যতম এটা হাইপ্ৰফাইল সমষ্টি হৈছে ডিব্ৰুগড় সমষ্টিটো।এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিগণিত ডিব্ৰুগড় সমষ্টিত ২০০৬ পৰা বিজেপিৰ প্ৰশান্ত ফুকনে দখল কৰিবলৈ সক্ষম হোৱাৰে পৰা ধাৰাবাহিকভাৱে প্ৰতিটো নিৰ্বাচনতে জয় লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টি বাসীৰ সৈতে প্ৰতিটো মুহূৰ্ততে লগত থকা প্ৰশান্ত ফুকনৰ কাৰ্যকালত আন ৰাজনৈতিক দলে একপ্ৰকাৰ মূৰ দাঙিবলৈ সক্ষম হোৱা নাই ডিব্ৰুগড়ত। একপ্ৰকাৰৰ ডিব্ৰুগড় সমষ্টিত অপ্ৰতিৰোধ্য এতিয়া শাসকীয় বিজেপি। বিজেপিৰ বাহিৰে ডিব্ৰুগড় বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বাবে আন-আন ৰাজনৈতিক দলৰ বিশেষ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ ডিব্ৰুগড় সমষ্টিৰ পৰাt ইতিমধ্যে চাৰিটা কাৰ্যকাল প্ৰতিনিধিত্ব কৰা প্ৰশান্ত ফুকন পুনৰ সাজু হৈছে প্ৰতিদ্বন্দ্বিতাৰ বাবে। আনহাতে বিজেপিৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপাধ্যক্ষ, তথা উজ্বল ফুকন, ডিব্ৰুগড়ৰ বিজেপিৰ অন্যতম জেষ্ঠ বিষয়ববীয়া উজ্জ্বল কাশ্যপ আৰু মহিলা প্ৰাৰ্থী হিচাপে মামন মিত্ৰ গগৈয়ে।

ভৌগলিক চাৰিসীমাৰ পৰিবৰ্তনৰ লগতে সমষ্টিটোৰ পূৰ্বৰ জনগাঁথনিৰ পৰিৱৰ্তন হল। বিশেষকৈ ডিব্ৰুগড় জিলাৰ পৰা বিলুপ্ত হল গুৰুত্বপূৰ্ণ মৰাণ সমষ্টিটো। মৰাণ সমষ্টিৰ সমষ্টিটোৰ বিলুপ্তয়ে ডিব্ৰুগড় সমষ্টিটোক দিলে অন্য এক ৰূপ।সমষ্টিৰ পৰা নোহোৱা হল পূৰ্বৰ বহু অঞ্চল। বহু অঞ্চল কৰ্তন হোৱাৰ সমান্তৰালকৈ সমষ্টিটোত অন্তভূক্ত হল বহু নতুন নতুন অঞ্চল। বিলুপ্ত হোৱা মৰাণ সমষ্টিৰ পৰা ডিব্ৰুগড়ৰ সমষ্টিত সোমোৱা গাঁও পঞ্চায়ত কেইখন হৈছে নিজ কানাই, মানকটা খনিকৰ,নিজ মানকটা, মোহনবাৰী, মাইজান গাওঁ পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈ মুঠ আঠটা গাঁৱ পঞ্চায়তেৰে গঠন হ’ল ডিব্ৰুগড় সমষ্টিৰ।
ইপিনে অসম জাতীয় পৰিষদে ঘোষণা কৰা প্ৰাৰ্থীত্ব তালিকা অনুসৰি ডিব্ৰুগড় সমষ্টিৰ বাবে মাইনাক পাত্ৰক প্ৰাৰ্থীত্ব ঘোষণা কৰিছে। স্বাধীনতাৰ পিছৰ পৰা প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডিব্ৰুগড় সমষ্টিত এগৰাকী বেংগলী প্ৰাৰ্থী হিচাপে ইণ্ডিয়ান অইলৰ মাৰ্কেটিং প্ৰাক্তন মহাপ্ৰৱন্ধক মাইনাক পাত্ৰৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিছে। শাসকীয় বিজেপি দলে ডিব্ৰুগড় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব চূড়ান্ত কৰাৰ ক্ষেত্ৰত শেষ সিদ্ধান্তত উপনীত নোহোৱা বিপৰীতে অসম জাতীয় পৰিষদে মিত্ৰ জোঁটৰ হৈ মাইনাক পাত্ৰক প্ৰাৰ্থীত্ব ঘোষণাৰ পাছতেই ডিব্ৰুগড়ত এখন গুৰুত্বপূৰ্ণ যুঁজ হোৱাৰ আশা আছে।