...

বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাৰ আহ্বান: ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ

Spread the love

 

বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাৰ আহ্বান: ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ

সকলো বিৰোধী দলৰ নেতৃবৃন্দক লৈ ডিব্ৰুগড়ত অভিবৰ্তন পতাৰ সিদ্ধান্ত

চাইন অন ডেস্ক:

ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনত দেখা দিয়া সমস্যা সমূহৰ ক্ষেত্ৰত গণতান্ত্ৰিক, সচেতন নাগৰিক সকলৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষকৈ নাগৰিকৰ অধিকাৰ সুৰক্ষাৰে মুখ্য হিচাবে লৈ গুৱাহাটীত ইতিমধ্যে বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইৰ নেতৃত্বত যি অসম নাগৰিক সন্মিলন গঠন কৰা হ’ল, তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰতিখন জিলাত জিলা সমিতিসমূহ গঠন কৰাৰ দৰে ডিব্ৰুগড় জিলাতো জিলা সমিতি গঠনৰ উদ্দেশ্যে যোৱা ১৪ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় পেঞ্চনাৰ সন্থাৰ সভাগৃহত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট নাগৰিক সকলৰ প্ৰতিনিধিত্বমূলক এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা লেখক শৰৎচন্দ্ৰ নেওগে। সভাত উদ্দেশ্য ব্যাখ্যা কৰি বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁইয়ে ৰাজ্যখনৰ সাম্প্ৰতিক আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম নাগৰিক সন্মিলনৰ ৰাজ্যিক সমিতিৰ অন্যতম জিলা শাখা হিচাবে ডিব্ৰুগড জিলা সমিতি গঠনৰ বাবেসভাখন আহ্বান কৰাৰ কথা ব্যক্ত কৰে। অসম নাগৰিক সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য কাৰ্যকৰী কৰাৰ সুবিধাৰ্থে জিলা সমিতি সমূহ গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত একোটিকৈ ভাষণ দিয়ে শিৱসাগৰ জিলা নাগৰিক সন্মিলনৰ উপ সভাপতি চামচুল বাৰিক,ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিলীপ ভূঞা,চাবুৱা-ৰহমৰীয়াৰ উদ্যোগী সমাজকৰ্মী ৰঞ্জন গগৈ, টিঙখাঙৰ বলিন্দ্ৰ শইকীয়া, ৰাতুল গগৈ, জগন্নাথ ফুকন, অনিৰূদ্ধদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, উত্তম কুমাৰ চেতিয়া, অৰ্পনা বৰা, হীৰেন ফুকন আদিয়ে।
সভাত গ্ৰহণ কৰা অন্যতম এটা প্ৰস্তাৱত কোৱা হৈছে যে,আগন্তুক বিধান সভাৰ নিৰ্বাচনলৈ বেছি দিন নাই। কিন্ত্ত সকলোৱে এই কথা লক্ষ্য কৰিছে যে, অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল,নাগৰিক সমাজ আৰু সকলো অংশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি এটি জনজাগৰণ সৃষ্টি কৰিব নোৱাৰিলে বি জে পিক আগন্তুক নিৰ্বাচনত প্ৰতিহত কৰিব পৰা নেযাব। সেয়েহে দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ অসমৰ ৰাইজৰ স্বাৰ্থত সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মত পোষণ কৰি সকলো বিৰোধী ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে।আন এটা প্ৰস্তাৱত কোৱা হৈছে যে,বিভিন্ন প্ৰকাৰে নাৰীৰ ওপৰত কৰা শোষণ-অত্যাচাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। বিশেষকৈ বৰ্তমানৰ বি জে পিৰ শাসনকালত নাৰীৰ ওপৰত কৰা অশালীন মন্তব্য, সামাজিক মাধ্যম যোগে বিভিন্ন প্ৰকাৰে নাৰীক কৰা অপমান আদিৰ কাৰ্যও ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে। এই ক্ষেত্ৰত সকলো সজাগ আৰু সচেতন হৈ এক আন্দোলন গঢ়ি তোলাৰো প্ৰয়োজন বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হয়।
সভাত সৰ্বসন্মতিক্ৰমে এনেদৰে অসম নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয়, সভাপতি- শৰৎচন্দ্ৰ নেওগ, কাৰ্যকৰী সভাপতি- ৰঞ্জন গগৈ, উপসভাপতি- প্ৰদীপ কুমাৰ সন্দিকৈ,মহচিনুৰ ৰহমান, ভূষণজ্যোতি সন্দিকৈ,মৃদুল শৰ্মা।
সাধাৰণ সম্পাদক-উত্তম কুমাৰ চেতিয়া, সম্পাদক সকল- ৰাতুল গগৈ,পাৰ্থপ্ৰতীম ভূঞা,প্ৰণৱ শইকীয়া, অৰ্পণা বড়া, বলীন্দ্ৰ শইকীয়া। সহকাৰী সাধাৰণ সম্পাদক-হীৰেন ফুকন, পবিত্ৰ বুঢ়াগোহাঁই, দামোদৰ দত্ত, মনজিৎ গোহাঁই, দীপক শইকীয়া। প্ৰচাৰ সম্পাদক-মইনুল হক।
সদস্য সকলৰ ভিতৰত আছে- সুদক্ষিণা দাস,নকুল খাউণ্ড, সুবৰ্ণ ভূঞা, ডাঃ অশোক টুডি, মহেন বুঢ়াগোহাঁই আদি।
উপদেষ্টা মণ্ডলীৰ অন্যতম হ’ল- ডঃ নগেন শইকীয়া, ডঃ পৰমানন্দ মহন্ত,মুনীন শৰ্মা, ডাঃ অমৃত বৰুৱা,ডাঃ জিতেন বৰগোহাঁই, ডঃ দিলীপ ভূঞা,লক্ষ্যধৰ কলিতা।
উক্ত সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ সমবেত অহা ২৬ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিৰোধী ঐক্য বিষয়ত এখন অভিবৰ্তন অনুষ্ঠিত কৰা হ’ব আৰু উক্ত অভিবৰ্তনত বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই নিজ নিজ বক্তব্য দাঙি ধৰিব। আশা কৰা হৈছে, নবগঠিত অসম নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উক্ত প্ৰস্তাৱিত ডিব্ৰুড়ৰ অভিবৰ্তনে বিৰোধীৰ ঐক্য ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *