...

ভূমি বেদখলকাৰীক উচ্ছেদ কৰাক লৈ সাম্প্ৰদায়িক বিষবাষ্প সিঁচিছে মুখ্যমন্ত্ৰীয়ে

Spread the love

ভূমি বেদখলকাৰীক উচ্ছেদ কৰাক লৈ সাম্প্ৰদায়িক বিষবাষ্প সিঁচিছে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ চি পি আই ডিব্ৰুগড় জিলা সমিতিৰ

ডিব্ৰুগড়:

ধৰ্মীয় মেৰুকৰণ কৰা কাৰ্যত সততে নিমগ্ন হৈ থকা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বৰ্তমান চলাই অহা ভূমি বেদখলকাৰীক কৰা উচ্ছেদ কাৰ্যকো কৌশলেৰে সাম্প্ৰদায়িক ৰহন সানি ৰাজনৈতিক মুনাফা আদায় কৰা চক্ৰান্তত লিপ্ত হৈ পৰিছে। সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক বিবৃতি যোগে এই অভিযোগ উত্থাপন কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰাতুল গগৈয়ে।
বিবৃতিটোত গগৈয়ে উল্লেখ কৰে যে,যদি কোনোবাই চৰকাৰী ভূমি বেদখল কৰি আছে সেই ভূমিক বেদখল মুক্ত কৰিবলৈ উচ্ছেদ কৰা কাৰ্যক আপত্তি কৰাৰ কোনো কাৰণ নাই। কিন্তু সেই উচ্ছেদ হ’ব লাগিব উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত, মানবীয় দৃষ্টিকোণেৰে আৰু প্ৰশাসনীয় নীতি নিয়মৰ ভিত্তিত। কিন্তু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিয়ে লক্ষ্য কৰিছে যে, তেনে সকলো নীতি নিয়ম জলাঞ্জলি দি উচ্ছেদৰ নামত এটা বিশেষ সম্প্ৰদায়ক অমানৱীয় ভাবে লক্ষ্য কৰি সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘২৬ ৰ বৈতৰণী পাৰ হোৱাৰ ষড়যন্ত্ৰ কৰিছে।
মুখ্যমন্ত্ৰীৰ এনে নিকৃষ্ট কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ চি পি আই ডিব্ৰুগড় জিলা সমিতিয়ে। বিবৃতিটোত এই কথা উল্লেখ কৰি জিলা সম্পাদক গৰাকীয়ে লগতে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীক ধৰ্মৰ নামত বিভাজন কৰি হিন্দুৱে কৰিলে বেদখল নহয়, মুছলমানে-মিঞাই কৰিলেহে বেদখল কৰা বুলি গণ্য কৰা হ’ব বুলি যি মন্তব্য কৰিছে,তেনে সংবিধান বিৰোধী সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সঁকীয়াই দিয়া হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *