নিৰ্মীয়মান অট্টালিকাৰ পকী বেৰা খহি পৰিল
প্ৰতিৱেশী মহিলা গুৰুতৰভাবে আহত ,চিকিৎসাধীন
চাইন অন ডেস্ক:


উক্ত অঞ্চলৰ অতি কম ঠাইত প্ৰায় ৫ মহলাৰ
নিৰ্মাণৰ কাৰ্য্য চলাই থকা এটা অট্টালিকাৰ পৰা চিমেন্ট, ইটা, টিনপাত সহ বৃহৎ অংশ সৰি পৰে প্ৰতিৱেশী মহিলা গৰাকীৰ গাত।সেই সময়ত নিজৰ টিউবেলৰ পাৰত বাচন ধুই আছিল।তেনে সময়ত ওপৰৰ পৰা পকী দেৱালৰ অংশ খহি গাত পৰে।
ডিব্ৰুগড় মহানগৰৰ লোহাৰপট্টি অঞ্চলত সংঘটিত এই ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।অভিযোগ অনুসৰি মাত্ৰ প্ৰায় ১৫-২০ ফুট বহলতে অট্টালিকাটো নিৰ্মাণ কাৰ্য্য চলাই ৫ টা মহলা ওপৰলৈ নিৰ্মাণ চলোৱা বিষয়টোও অতি ভয়াবহ। উল্লেখযোগ্য যে টাউন প্লেনিঙৰ পৰ্যবেশনৰ পাছতে ডিব্ৰুগড় পৌৰ নিগমে শেষ চহী কৰি গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰে।তেনে ক্ষেত্রত অতি ক’ম ঠেক পৰিসৰত কেনেকৈ এই অট্টালিকা সজাৰ অনুমতি দিয়া হ’ল তাক লৈও পৌৰ নিগমৰ অভিযন্তাকে ধৰি তদাৰক কৰা বিষয়ালৈ উঠিছে আঙুলি।