...

জনজাতিকৰণক লৈ বদ্ধপৰিকৰ মুখ্যমন্ত্রী ড° শর্মা

Spread the love

জনজাতিকৰণক লৈ বদ্ধপৰিকৰ মুখ্যমন্ত্রী ড° শর্মা

শীঘ্ৰে মন্ত্ৰীগোটৰ প্রতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব:মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড

*চাইন অন ডেস্ক:*

অতি শ্ৰীঘেই কেন্দ্রলৈ প্রেৰণ কৰা হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্রস্তুত কৰা মন্ত্রীগোটৰ প্রতিবেদন। ইয়াৰ জৰিয়তে অসম চৰকাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বদ্ধপৰিকৰ বুলিও স্পষ্ট কৰিছে মন্ত্রীগোটৰ অধ্যক্ষ তথা জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ ৰণোজ পেগুৱে।সংবাদ
মাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বদ্ধ পৰিকৰ ৰাজ্য চৰকাৰ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবেদনখন আমি প্রস্তুত কৰি অসম চৰকাৰক অর্পণ কৰিলোঁ। অসম চৰকাৰে প্রতিবেদনখন যিকোনো সময়ত কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব। দল-সংগঠনৰ এই বিষয়ক লৈ মতামত দিয়াৰ স্বাধীনতা আছে। তেওঁলোকে মতামত দিছে। কেইবাবছৰ ধৰি আমি তেওঁলোকৰ মতামত শুনিলোঁ।

প্রতিবেদনখনত আমি জনজাতিকৰণৰ প্ৰস্তাৱ কৰিছোঁ আৰু প্রতিবেদনখন আমি কেন্দ্রলৈ প্রেৰণ কৰিম।
অন্য কোনো সংগঠনৰ কিবা আপত্তি বা পৰামর্শ থাকিলে তেওঁলোকক কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। উল্লেখ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ প্রথমৰ পৰা বিৰোধিতা কৰি অহা জনজাতি সংগঠনসমূহৰ সমন্বয়বন্ধী সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ ওজব-আপত্তি সম্পর্কীয় তথ্যসম্বলিত প্রতিবেদন দাখিল কৰিছে। সমন্বয়ৰক্ষী সমিতিয়ে সুভাষ চাকমাৰ অধ্যক্ষতাত গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে তৈয়াৰ

কৰি দাখিল কৰা এই প্রতিবেদনযোগে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কীয় প্রতিবেদনখন প্রত্যাখ্যান কৰাৰ কথা ৰাজ্য চৰকাৰক জনাইছে। সমন্বয়ৰক্ষী সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সম্পূৰ্ণৰূপে নাকচ কৰিছে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সৰৱ হৈ থকা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবর্গই জনজাতিৰ মর্যাদা বিচাৰি কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুবেল অ’ৰামসহ বহু কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ কবি নির্বাচনৰ পূর্বেই জনজাতিৰ মর্যাদা দিবলৈ দাবী কৰিছে। ইপিনে টাই আহোম ছাত্র সস্থাৰ বসন্ত গগৈ গোটে জনজাতিৰ মর্যাদাক লৈ আলোচনা তথা পুস্তিকা তৈয়াৰ কৰাৰ বাবে গঠন কৰি দিয়া ২১জনীয়া কমিটীখনে এতিয়াও প্রতিবেদন দাখিল কৰা নাই। এই ২১জনীয়া বিশেষজ্ঞ কমিটীখনৰ দায়িত্বত আছে বিশিষ্ট আইনজ্ঞ ৰমেশ চন্দ্র বৰপাত্র গোহাঁই। কমিটীখনে দাখিল কৰা পৰামৰ্শৰ আধাৰতে সংগঠনটোৱে চৰকাৰৰ ওচৰত নিজৰ ওজব-আপত্তি-পৰামর্শ দাখিল কৰিব। মাঘ বিহুৰ পূর্বেই সংগঠনটোৱে চৰকাৰক প্রতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিছে এজন শীর্ষ নেতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *